ৰাষ্ট্ৰীয়

April 9, 2024 12:06 PM April 9, 2024 12:06 PM

views 10

দক্ষিণ কাশ্মীৰৰ শ্ব’পীয়ান জিলাত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী টেক্সীচালক আহত

দক্ষিণ কাশ্মীৰৰ শ্ব’পীয়ান জিলাৰ হীৰপুৰা অঞ্চলত কালি বিয়লি সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এগৰাকী টেক্সীচালক আহত হয়। ঘটনাৰ পাছত আৰক্ষীৰ এগৰাকী মুখপাত্রই কয় যে এই ঘটনাত জড়িত সন্ত্রাসবাদীক কৰায়ত্ত কৰাৰ বাবে সুৰক্ষাবাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

April 9, 2024 12:04 PM April 9, 2024 12:04 PM

views 9

আৰ এছ এছৰ নামত বিজেপিৰ হৈ নেতিবাচক বতৰা বিয়পাই থকা এটা সংগঠনৰ বিৰুদ্ধে নির্বাচন আয়োগক অভিযোগ বিজেপিৰ

আৰ এছ এছৰ নামত বিজেপিৰ হৈ নেতিবাচক বতৰা বিয়পাই থকা এটা ভুৱা সংগঠনৰ বিৰুদ্ধে বিজেপি নির্বাচন আয়োগৰ কাষ চাপিছে। দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এই সন্দৰ্ভত কয় যে কংগ্ৰেছ সেৱা দলৰ সহযোগত এই সংগঠনটোৰ সৃষ্টি হৈছিল। ইতিমধ্যে পঞ্জীয়কৰ কাৰ্যালয়, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে সংগঠনটো অবৈধ হিচাপে ঘ...

April 9, 2024 11:59 AM April 9, 2024 11:59 AM

views 11

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১,৬২৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে। নির্বাচন আয়োগে জনোৱা অনুসৰি মুঠ ১০২টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত এইসকল প্রার্থী নির্বাচনী যুজঁত অৱতীৰ্ণ হ'ব। ইয়াৰে এহেজাৰ ৪৯১ গৰাকী পুৰুষ আৰু ১৩৪ গৰাকী মহিলা প্রার্থী।

April 9, 2024 11:57 AM April 9, 2024 11:57 AM

views 14

মধ্যপ্ৰদেশৰ চিউনী আৰু শ্বাহদোলত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি মধ্যপ্ৰদেশৰ জনজাতি অধ্যুষিত চিউনী আৰু শ্বাহদোলত দুখন ৰাজহুৱা সভা সম্বোধন কৰি মধ্যপ্ৰদেশত দলৰ হৈ নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। ভাষণত শ্ৰীগান্ধীয়ে কংগ্ৰেছ দলে নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবোৰ উল্লেখ কৰে। তেওঁ ক্ষমতালৈ আহিলে কংগ্ৰেছ দলে অগ্নিবীৰ আ...

April 9, 2024 11:55 AM April 9, 2024 11:55 AM

views 18

মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰ অভিযান অব্যাহত, বালাঘাটত আজি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা

মধ্যপ্রদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে তাৰকা প্ৰচাৰকসকলে জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বালাঘাটৰ উৎকৃষ্ট ময়দানত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শেহতীয়া তিনিদিনৰ ভিতৰত এয়া হ'ব শ্রীমোদীৰ দ্বিতীয়টো মধ্যপ্রদেশ ভ্...

April 9, 2024 11:51 AM April 9, 2024 11:51 AM

views 12

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সম্প্রতি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছে। তেওঁ লগতে কয় যে , যোৱা পাঁচ বছৰত অঞ্চলটোৰ উন্নয়নৰ বাবে কৰা বিনিয়োগ কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ শাসনৰ সময়ত আবণ্টন দিয়া ধনৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। এখন বাতৰি কাকতৰ সৈতে ...

April 9, 2024 11:43 AM April 9, 2024 11:43 AM

views 7

দেশত নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্র দেশতে নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছে। নক্সালবাদৰ বাবে এসময়ত পৰিচিত গাড়াচিৰোলি বর্তমান তীখা উদ্যোগ আৰু উন্নয়নৰ বাবে জনাজাত হৈছে । চন্দ্ৰপুৰ আৰু গাড়াচিৰোলিৰ লোকসভা সমষ্টিৰ বিজেপি প্রার...

April 8, 2024 8:35 PM April 8, 2024 8:35 PM

views 16

অহা ২৪ ঘণ্টালৈকে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত অহা ২৪ ঘণ্টালৈকে গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অন্ধ্ৰপ্ৰদেশৰ উপকুলীয় অঞ্চল, য়ানাম, ৰেয়ালচিমা, তেলেংগানা আৰু উত্তৰ কৰ্ণাটকৰ কিছু অংশত গ্ৰীষ্ম প্রবাহৰ প্ৰভাৱ অনুভুত হব। আনহাতে, বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনু...

April 8, 2024 8:31 PM April 8, 2024 8:31 PM

views 19

নতুন দিল্লীত ভাৰত-পেৰুৰ মাজৰ সপ্তমলানি বাণিজ্য চুক্তি আলোচনা

ভাৰত-পেৰুৰ মাজৰ সপ্তমলানি বাণিজ্য চুক্তি আলোচনা আজি নতুন দিল্লীত আৰম্ভ হৈছে। দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰি তোলাৰ লক্ষ্য আগত ৰাখি এই বৈঠক আয়োজন কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে...

April 8, 2024 8:29 PM April 8, 2024 8:29 PM

views 11

চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাত কয় যে, বসন্ত ঋতু তথা ভাৰতীয় নতুন বৰ্ষক আদৰাৰ বাবে এই উৎসৱসমূহ পালন কৰা হয়। তেওঁ কয় যে, দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা...