ৰাষ্ট্ৰীয়

June 18, 2024 5:26 PM June 18, 2024 5:26 PM

views 13

বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিব। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজ...

June 18, 2024 5:23 PM June 18, 2024 5:23 PM

views 17

শৰীৰ আৰু মনৰ বাবে অকল যোগাভ্যাসেই নহয়, বৰং শ্রীঅন্নৰূপে জনাজাত মিলেটৰ লেখীয়া শক্তিদায়ক খাদ্যও জৰুৰীঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাঁও পঞ্চায়তৰ মুৰব্বীসকলক যোগাভ্যাস আৰু মিলেটৰ বিষয়ে সজাগতা সৃষ্টি কৰি সৰ্বাত্মক স্বাস্থ্যৰ বিষয়টো গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। গাঁও পঞ্চায়তসমূহলৈ লিখা এখন পত্ৰত শ্ৰী মোদীয়ে কৈছে যে পঞ্চায়ত চৌহদ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য ক...

June 18, 2024 5:11 PM June 18, 2024 5:11 PM

views 14

গ্ৰাম্য জীৱনক পৰিৱৰ্তন তথা উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে 5G বুদ্ধিমত্তা সম্পন্ন গাঁও আৰু কোৱাণ্টাম এনক্রিপচন এলগ’ৰিডিমৰ প্ৰস্তাৱ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য জীৱনক পৰিৱৰ্তন কৰিবলৈ তথা উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে 5G বুদ্ধিমত্তা সম্পন্ন গাঁও আৰু কোৱাণ্টাম এনক্রিপচন এলগ’ৰিডিমৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে। টেলিকমিউনিকেচনৰ সামগ্ৰী আৰু সমাধানৰ প্রযুক্তি ডিজাইন, বিকাশ আৰু বাণিজ্যিকীকৰণৰ সৈতে জড়িত উদ্যোগ, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয...

June 18, 2024 4:59 PM June 18, 2024 4:59 PM

views 10

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হবলগীয়া প্ৰথম খণ্ড। প্রধানমন্ত্ৰষ্ঠীয়ে এই অনুষ্ঠ...

June 18, 2024 4:56 PM June 18, 2024 4:56 PM

views 12

জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত বৈঠকত অজিত ডোভালৰ অধ্যক্ষতা

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নতুন দিল্লীত কালি জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত তেওঁৰ সৈতে আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক ছুলিভানেও অংশগ্ৰহণ কৰি কৌশলগত প্রযুক্তি অংশীদাৰিত্বৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰ...

June 18, 2024 11:52 AM June 18, 2024 11:52 AM

views 14

দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্রদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগত...

June 18, 2024 11:48 AM June 18, 2024 11:48 AM

views 18

অহা ৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড । প্রধানমন্ত্ৰীয়ে এই ...

June 18, 2024 11:37 AM June 18, 2024 11:37 AM

views 10

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শ্রীচৌহানে কয় যে, কেইবা দশক পূৰ্বে বুধনীৰ পৰাই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সদায় ইয়াৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াই যাব। বিজেপিৰ জ্...

June 18, 2024 11:26 AM June 18, 2024 11:26 AM

views 9

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ অন্তৰ জয় কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখন...

June 17, 2024 9:18 PM June 17, 2024 9:18 PM

views 11

দেশত ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা উদযাপন; ৰাষ্ট্ৰপতি-উপৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশতে ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱাৰ ভাগতে মছজিদ আৰু ঈদগাহসমূহত নামাজ পঢ়াৰ লগতে ইজনে সিজনক ঈদ শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰ মছজিদ আৰু শ্...