ৰাষ্ট্ৰীয়

July 20, 2024 8:26 PM

views 20

পদ্মশ্ৰী সন্মানেৰে সন্মানিত কমলা পূজাৰীৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কমলা পূজাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, কমলা পূজাৰীয়ে কৃষি খণ্ডক বিশেষকৈ জৈৱিক কৃষি পদ্ধতিক উদগনি জগোৱাৰ লগতে থলুৱা বীজসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। শ্রী মোদীয়ে কয় ...

July 20, 2024 8:22 PM

views 22

থিম্ফুত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত বিদেশ সচিব বিক্রম মিস্ৰী আৰু ভূটানৰ বিদেশ সচিব অওম পেমা ছ’ডেনৰ সহ-অধ্যক্ষতা

বিদেশ সচিব বিক্রম মিস্ৰী আৰু ভূটানৰ বিদেশ সচিব অওম পেমা ছ'ডেনে আজি থিস্ফুত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সহ-অধ্যক্ষতা কৰে। বৈঠকৰ সময়ছোৱাত ভূটানৰ পক্ষই Project Tied Assistance - PTA প্রস্তাব দাঙি ধৰাৰ লগতে ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত ৰূপায়ণ হ'বলগীয়া পি টি এ প্রকল্পসমূহৰ প্ৰথ...

July 20, 2024 8:05 PM

views 29

প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্লীত আজি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধীকৰণে আয়োজন কৰা পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অনুষ্...

July 20, 2024 8:02 PM

views 12

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই অনাগত সময়ত দ্বিপাক্ষিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়ো পক্ষৰ মাজৰ শেহতীয়া যোগাযোগৰ ফলত সৃষ্টি হোৱা গতিৰ বিষয়ে আলোকপাত ...

July 20, 2024 7:10 PM

views 27

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱ...

July 20, 2024 6:23 PM

views 32

২৮ জুলাইত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে য...

July 20, 2024 6:20 PM

views 22

তামিলনাডুৰ থুথুকুড়িত এম’নিয়া গেছ নিৰ্গতৰ ঘটনাত ২১ জন শ্রমিকে শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে

তামিলনাডুৰ থুথুকুড়িত এম’নিয়া গেছ নিৰ্গত হোৱা ঘটনাত ২১ জন শ্রমিক শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে। তেওঁলোকক কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এটা সূত্ৰই জনোৱা অনুসৰি থুথুকুড়ি জিলাৰ পুডু পাণ্ডিয়াপুৰমত থকা এটা সাগৰীয় খাদ্য প্ৰস্তুতকৰণ কাৰখানাত ছৰ্টচাৰ্কিটৰ ফলতে এমনিয়া গেছ নির্গত হয়। ঘটনাটোৰ ...

July 20, 2024 6:17 PM

views 16

হাইটিত যাত্রিবাহী নাৱত জুই লাগি কমেও ৪০ জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত

হাইটিত যাত্রিবাহী এখন নাৱত জুই লাগি কমেও ৪০ জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। প্রায় ৮০ জনতকৈও অধিক লোক কঢ়িওৱা নাওখনে যোৱা বুধবাৰে হাইটিৰ উত্তৰ উপকূলৰ পৰা ১৫০ মাইল দূৰৰ টাকছ আৰু কাইকোছ দ্বীপপুঞ্জলৈ যাত্ৰা আৰম্ভ কৰিছিল। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছৰ উপ-মুখপাত্র ফাৰহান...

July 20, 2024 6:08 PM

views 21

ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিৱেশন উদ্বোধন কৰিব। অধিৱেশনৰ ৩১ জুলাইত সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক'ৰ ৰ সঞ্চালক প্রধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সচ...

July 20, 2024 6:06 PM

views 36

তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব বৈদেশিক সচিব বিক্রম মিস্ৰীৰ

বৈদেশিক সচিব বিক্রম মিস্ৰী আৰু তেওঁৰ ভূটানৰ সমকক্ষ ওম পেমা ছ’ডেনে আজি ভূটানত অনুষ্ঠিত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব কৰে। বৈঠকত দুয়োগৰাকী বৈদেশিক সচিবে ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাৰ বিভিন্ন উন্নয়নমূলক অংশদাৰিত্ব তথা সহযোগিতাৰ পৰ্যালোচনা কৰে। বৈদেশিক সচিব মিস্ৰীয়ে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।