ৰাষ্ট্ৰীয়

July 2, 2024 8:34 PM July 2, 2024 8:34 PM

views 13

কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব। মন্...

July 2, 2024 8:32 PM July 2, 2024 8:32 PM

views 8

উত্তৰ প্ৰদেশৰ হাথৰছত ধৰ্মীয় সমাবেশত হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত আজি হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ভালেসংখ্যক লোক আহত হয়। এটাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে কৈছে যে পুলৰাই গাঁৱত এটা সৎসঙ্গ অনুষ্ঠানত এই ঘটনা সংঘটিত হয়। অতিপাত ভিৰৰ বাবে হেঁচা-ঠেলাৰ ঘটনা সংঘটিত হোৱা বুলি কোৱা...

July 2, 2024 8:26 PM July 2, 2024 8:26 PM

views 6

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্ন সদনত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। তেওঁ কয় যে জনসাধাৰণে লোকসভা নিৰ্বাচন...

July 2, 2024 7:50 PM July 2, 2024 7:50 PM

views 10

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খ...

July 2, 2024 7:47 PM July 2, 2024 7:47 PM

views 18

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰ...

July 2, 2024 7:44 PM July 2, 2024 7:44 PM

views 17

এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ প্রধানমন্ত্ৰী মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। নতুন চৰকাৰ গঠন হোৱাৰ পাছত এন ডি এৰ সংসদীয় দলৰ প্ৰথমলানি বৈঠকক সম্বোধন কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ...

July 2, 2024 7:09 PM July 2, 2024 7:09 PM

views 6

উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক...

July 2, 2024 7:02 PM July 2, 2024 7:02 PM

views 13

দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন আপৰ সাংসদ স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ সাংসদ স্বাতী মালিৱালে দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা এখন পত্ৰত শ্ৰীমতী মালিৱালে কয় যে তেওঁ আয়োগৰ নেতৃত্ব দিয়া সময়ছোৱাত নিৰ্মিত ব্যৱস্থাসমূহ চৰকাৰে ধ্বংস কৰিছে। তেওঁ আয়োগৰ কৰ্মচাৰীৰ অনাদ...

July 2, 2024 6:59 PM July 2, 2024 6:59 PM

views 13

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক কৰা হয়। ইয়াৰে ৪ জন লাটেহাৰ জিলাৰ ঘন জংঘলত, আন এজন ৰাঁচী আৰু খুন্তি জিলাৰ পৰা আটক কৰা হৈছে। ধৃত মাওবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্র, গোলা-বাৰুদ আপত্তিজনক সাহিত্য আদি জব্দ কৰা হৈছে। অন্যহাতে, এজন মাওবাদীয়ে ৰাঁচী আৰক্ষীৰ ওচৰত আত্মসমৰ...

July 2, 2024 6:57 PM July 2, 2024 6:57 PM

views 12

১৫ জুলাইলৈকে ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল থাইলেণ্ডলৈ ৰাওনা

থাইলেণ্ডৰ টাক্ প্ৰদেশৰ ফ'ৰ্ট বাচিৰাপ্ৰকানত চলিত মাহৰ পহিলা তাৰিখৰ পৰা অহা ১৫ জুলাইলৈ অনুষ্ঠিত হোৱা ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ত্ৰয়োদশ সংস্কৰণ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল দেশখনলৈ কালি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে ৭৬ জন জোৱানক লৈ ভাৰতীয় সেনা ...