ৰাষ্ট্ৰীয়

August 20, 2024 12:03 PM August 20, 2024 12:03 PM

views 5

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব। এই পর্যায়ত অনন্তনাগ, শ্ব'পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব...

August 20, 2024 12:02 PM August 20, 2024 12:02 PM

views 4

দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত পৰৱৰ্তী চাৰিদিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী চাৰিটা দিনত দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। দক্ষিণ ভাৰততো কাইলৈপৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব বুলি অনুমান কৰা হৈছে। বিভাগে ২৩ আগষ্টপর্যন্ত জম্মু, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশতো মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দি...

August 20, 2024 12:12 PM August 20, 2024 12:12 PM

views 4

পেৰিছ পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ আগষ্টৰ পৰা পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ' কনফাৰেন্সিক ব্যৱস্থাৰে আয়োজিত এই বার্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িৱাই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ কয...

August 19, 2024 8:40 PM August 19, 2024 8:40 PM

views 16

সমগ্র দেশজুৰি ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন আজি সমগ্র দেশজুৰি পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক উপহাৰ প্ৰদান কৰ...

August 19, 2024 8:24 PM August 19, 2024 8:24 PM

views 10

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুসি...

August 19, 2024 8:20 PM August 19, 2024 8:20 PM

views 6

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ ভাষাটোৰ প্ৰতি অনুৰাগী, শ্রদ্ধাশীল আৰু এই ভাষাটোৰ প্ৰসাৰৰ হকে কাম কৰি থকা সকলো লোককে অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানতো আজি সংস্কৃত দিৱস উদযাপন কৰা হয়। নলবাৰী সংস্কৃত...

August 19, 2024 12:23 PM August 19, 2024 12:23 PM

views 15

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিম তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিমে আজিৰে পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন...

August 19, 2024 12:22 PM August 19, 2024 12:22 PM

views 4

দেশত মাংকীপক্স ৰোগ প্ৰতিৰোধৰ বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিবৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক

দেশত মাংকীপক্স ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য উপায় সম্পৰ্কীয় বিষয়সমূহতো আলোচনা কৰা হয়। বৈঠকত মুখ্য সচিবগৰাকীয়ে এই ৰোগৰ তাৎক্ষণিকভাৱে ধৰা প...

August 19, 2024 12:20 PM August 19, 2024 12:20 PM

views 4

আজি ৰাখী বন্ধন; দেশবাসীলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা

আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনৰ এই উৎসৱ আজি সমগ্ৰ দেশতে পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সমৰ্থনৰ শপত লৈ তেওঁলোকক উপহাৰ প্ৰদান কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদ...

August 19, 2024 12:10 PM August 19, 2024 12:10 PM

views 5

নতুন দিল্লীত বিদেশ মন্ত্রী এছ জয়শংকৰৰ নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাৰ সৈতে বৈঠক

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে নেপালৰ বিদেশ মন্ত্ৰী আৰ্জু ৰাণা দেউবা পাঁচদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এটা বিবৃতিত বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে, এই ভ্রমণ হৈছে ভাৰত আৰু নেপালৰ মাজত ন...