ৰাষ্ট্ৰীয়

December 6, 2025 8:08 PM

views 21

দুগ্ধ উৎপাদন খণ্ডত অহা ৫ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণৰ কথা প্ৰকাশ কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহৰ

চৰকাৰে দুগ্ধ উৎপাদন খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হি ৰূপায়ণ কৰি অহা পাঁচ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ছনাদৰত আজি বনাছ ডেইৰীৰ বায়' চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন আৰু অত্যাধুনিক ১৫০ টি ডি পি প...

December 6, 2025 8:05 PM

views 19

তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ ইণ্ডিগো’ বিমান সংস্থাক নিৰ্দেশ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগো' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা ৮ বজাৰ ভিতৰত ধন ঘুৰাই দিয়া প্রক্রিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্রালয়ে সংস্থাটোক নির্দেশ দিছে। লগতে যাত্রা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তে...

December 6, 2025 8:03 PM

views 16

আনুষ্ঠানিকভাৱে মুকলি একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে আয়োজন কৰা একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ আই আই এছ এফ আজিৰে পৰা হাৰিয়ানাৰ পঞ্চকুলাৰ দছেৰা মৈদানত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি আনুষ্ঠানিকভাৱে এই মহোৎসৱ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মহাকাশচাৰী ...

December 6, 2025 7:59 PM

views 25

২০৩০ চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধা...

December 6, 2025 7:57 PM

views 24

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰ...

December 6, 2025 7:55 PM

views 19

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুল...

December 6, 2025 7:52 PM

views 22

ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস উপলক্ষে দেশবাসীৰ সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন

সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস বা মৃত্যু বার্ষিকী উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী...

December 6, 2025 4:01 PM

views 27

বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ৰে’লৰ উপলভ্যতাত গুৰুত্ব

দেশজুৰি বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই সুচল যাত্ৰা আৰু ৰে’ল গাড়ীৰ উপলভ্যতাত গুৰুত্ব দিছে। দেশত মুঠ ৩৭ খন ৰে’লগাড়ীত ১১৬ টা অতিৰিক্ত ডবা সংযোগ কৰা হৈছে। দক্ষিণ ৰে’লৱেই আটাইতকৈ বেছি সংখ্যক ডবা সংযোগ কৰিছে।

December 6, 2025 3:58 PM

views 22

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰ্জিনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপর্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটক...

December 6, 2025 3:56 PM

views 20

ইণ্ডিগ’ বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছেঃ পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু

● অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কৈছে যে ইণ্ডিগ' বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছে। বিমান বন্দৰসমূহত যাত্ৰীসকলে আজিৰে পৰা অধিক সময় অপেক্ষা কৰিব নালাগিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। শ্ৰী নাইডুৱে কয় যে চৰকাৰে প্ৰথমতে বিমান বন্দৰসমূহত হৈ থকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।