ৰাষ্ট্ৰীয়

December 8, 2025 8:23 PM

views 15

ভাৰতত কুঁহিয়াৰ উৎপাদন ৪৪ শতাংশ বৃদ্ধি পাইছে : মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০১৪ চনৰ পৰা ভাৰতত কুঁহিয়াৰ উৎপাদন ৪৪ শতাংশ বৃদ্ধি পাইছে বুলি আজি প্রকাশ কৰিছে। নতুন দিল্লীত কৃষি বাণিজ্য শীর্ষ সম্মিলন ২০২৫ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বজাৰ অন্বেষণ আঁচনিৰ অধীনত কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰে ...

December 8, 2025 8:20 PM

views 16

স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তি উৎসৰ ৫০ শতাংশ অজীৱাশ্ম উৎসৰ পৰা আহৰণৰ লক্ষ্যত উপনীত হৈছে ভাৰত

ভাৰতে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তি উৎসৰ ৫০ শতাংশ অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা লক্ষ্যত উপনীত হৈছে। দেশে ২০৩০ চনত এই লক্ষ্যত উপনীত হোৱাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছিল আৰু পাঁচ বছৰ পূৰ্বেই দেশ এই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল। লোকসভাত আজি শক্তি সম্পর্কীয় স্থায়ী সমিতিয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত থকা প্র...

December 8, 2025 8:17 PM

views 26

লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ জিম্মাৰ ম্যাদ ৪ দিনৰ বাবে বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি যোৱা ১০ নৱেম্বৰত লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা তিনিজন চিকিৎসক আৰু এজন প্ৰচাৰকৰ নিয়াৰ জিম্মাৰ ম্যাদ ৪ দিনৰ বাবে বৃদ্ধি কৰিছে। ১০-দিনীয়া জিম্মাৰ ম্যাদ শেষ হোৱাৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মুজাম্মিল দানাই, ডাঃ আদিল বাথেৰ, ডাঃ চাহিনা শ্বাইদ আ...

December 8, 2025 8:13 PM

views 13

লোকসভাত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি মন্তব্য সাংসদ অনুৰাগ সিং ঠাকুৰৰ

বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰম সন্দৰ্ভত লোকসভাত দিয়া ভাষণটোক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি উল্লেখ কৰি ই ভবিষ্যতৰ প্ৰজন্মক উৎসাহিত কৰিব বুলি কয়। বিৰোধী নেতা ৰাহুল গান্ধী সদনত উপস্থিত নথকাৰ বাবে বিজেপিয়ে সমালোচনা কৰে। সংসদ ভৱনৰ বাহিৰত আকাশবাণীৰ সৈতে হোৱা কথা-...

December 8, 2025 8:08 PM

views 20

লোকসভাত ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আলোচনা

লোকসভাত আজি ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ১৮৭৫ চনত বংকিম চন্দ্র চেটার্জীয়ে এই গীতটি ৰচনা কৰিছিল। আলোচনা আৰম্ভ কৰি প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে কয় যে বন্দে মাতৰম মন্ত্রই সমগ্র দেশকে শক্তি আৰু অনুপ্ৰেৰণা যোগোৱাৰ লগতে স্বাধীনতা আন্দোলনতো প্রভাবিন্বিত কৰ...

December 8, 2025 12:13 PM

views 28

সাগৰবন্ধু অভিযানৰ অধীনত শ্রীলংকালৈ ভাৰতৰ ৩০০ মেট্রিক টন সাহায্য সামগ্রী প্ৰেৰণ

ভাৰতে সাগৰবন্ধু অভিযানৰ অধীনত শ্রীলংকালৈ ৩০০ মেট্রিক টন সাহায্য সামগ্রী প্ৰেৰণ কৰিছে। তামিলনাড়ু চৰকাৰে প্ৰেৰণ কৰা এহেজাৰ টন সামগ্ৰীৰ অংশ হিচাপে এই সাহায্য সামগ্ৰীখিনি প্ৰেৰণ কৰা হৈছে। আজি পুৱা আৰু ৭০০ টন সামগ্ৰীৰে আন এখন জাহাজ টিংকুমালেত উপস্থিত হৈছে। এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত দাইল আৰু চেনিকে ধ...

December 8, 2025 12:11 PM

views 21

দেশৰ মুঠ প্ৰতিৰক্ষা উৎপাদন বৰ্তমান ১.৫১ লাখ কোটি টকালৈ বৃদ্ধি হৈছে বুলি ৰাজনাথ সিঙৰ প্রকাশ

দেশৰ মুঠ প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪৬ হাজাৰ কোটি টকাৰ পৰা বৰ্তমান ১ দশমিক ৫১ লাখ কোটি টকালৈ বৃদ্ধি হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রকাশ কৰিছে। তেওঁ কয়, যে প্ৰতিৰক্ষা খণ্ডত এসময়ত আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশখনে এতিয়া থলুৱাভাবে নির্মিত প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানী কৰাৰ সামৰ্থ আহৰণ কৰিছে। বিগত ...

December 8, 2025 12:25 PM

views 27

লোকসভাত আজি বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই আলোচনা আৰম্ভ কৰে। আলোচনাৰ বাবে ১০ ঘণ্টা সময় দিয়া হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত পূর্বে অনুষ্ঠিত সর্বদলীয় বৈঠকতে আজি বন্দে মাতৰম আৰু কাইলৈ ভোটাৰ তালিকাৰ সংশো...

December 8, 2025 12:05 PM

views 16

ভাৰতে বিশ্ব ঐতিহ্যক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আবাসভূমি হোৱা স্বত্বেও আমাৰ দেশে বিশ্বৰ বিভিন্ন ঐতিহ্যক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। নতুন দিল্লীত অনুষ্ঠিত বিংশ সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা শীর্ষক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে এইদৰে প্রকাশ কৰে। এই অন...

December 8, 2025 12:01 PM

views 27

আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে- প্রধানমন্ত্রী

আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে। ভাৰতৰ বিকাশ ভী, বিৰাসত ভী মূলমন্ত্রই এই প্রতিশ্রুতিকে সুনিশ্চিত কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয়, যে কোনো পৰম্পৰা, শিল্পী, অথবা সম্প্রদায় যাতে চৰকাৰৰ সমৰ্থনৰ পৰা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।