ৰাষ্ট্ৰীয়

December 12, 2025 12:28 PM

views 12

এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ ভোজমেলৰ আয়োজন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তেওঁৰ চৰকাৰী বাসগৃহত এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ বাবে এখন বিশেষ ভোজমেলৰ আয়োজন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এন ডি এ পৰিয়ালে সু-শাসন, ৰাষ্ট্ৰীয় উন্নয়ন আৰু আঞ্চলিক আকাংক্ষাৰ প্ৰতি সহযোগিতামূলক দায়বদ্ধতাক প্রতিনিধিত্ব কৰে...

December 12, 2025 12:27 PM

views 11

বালাঘাটক নক্সালবাদৰ পৰা মুক্ত ঘোষণা মোহন যাদৱৰ

বালাঘাট জিলাত দুজন মাওবাদীয়ে আত্মসমর্পণ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱে ৰাজ্যখনক নক্সালবাদৰ পৰা মুক্ত ঘোষণা কৰিছে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশনাত ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ দৃঢ়তাৰ বাবেই...

December 12, 2025 12:26 PM

views 9

ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি)-এ ইয়াৰ কাৰ্যকৰী বীমা সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নীতকৰণ, আৰু সেৱা প্ৰদানৰ উন্নতিৰ উদ্দেশ্যে কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত এই স...

December 12, 2025 12:22 PM

views 11

তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ

তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ হ'ব। এন্নেমেৰী জেচিৰৰ ছবি 'পেলেষ্টাইন ৩৬'ৰ জৰিয়তে এই চলচ্চিত্র মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। 'পেলেষ্টাইন ৩৬' নামৰ উদ্বোধনী ছবিখনে বহুল প্রশংসা লাভ কৰাৰ লগতে টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে...

December 11, 2025 8:18 PM

views 16

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগৰ সংশোধিত সূচী প্রকাশ

দেশৰ ছখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগে সংশোধিত সূচী প্রকাশ কৰিছে। এই তালিকাত তামিলনাড়ু, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু উত্তৰ প্ৰদেশক সামৰি লোৱা হৈছে। তামিলনাড়ু আৰু গুজৰাটত এই প্রক্রিয়া অহা...

December 11, 2025 8:13 PM

views 14

ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ জনসাধাৰণলৈ কেন্দ্ৰৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় চাইবাৰ সমন্বয়ৰক্ষী কেন্দ্ৰৰ বিষয়া হিচাপে চিনাকি দি বর্তমান নতুনকৈ চলি থকা এটা ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ দেশৰ জনসাধাৰণলৈ আহ্বান জনাইছে। এই ভুবা গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া অংশ হিচাপে এখন ভুৱা অভিযোগপূর্ণ পত্ৰ প্ৰেৰণেৰে ভীতি প্ৰদৰ্শন কৰি অভিযোগসমূহৰ পৰা ...

December 11, 2025 8:08 PM

views 19

ৰাজ্য সভাত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী সন্দৰ্ভত আলোচনা

ৰাজ্য সভাত আজি বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী সন্দৰ্ভত চলি থকা আলোচনা আগবঢ়াই নিয়া হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা মঙলবাৰে এই আলোচনাৰ পাতনি মেলিছিল। আলোচনা সামৰি কেন্দ্রীয় মন্ত্রী জেপি নাড্ডাই কয়, যে বন্দে মাতৰমে দেশৰ আত্মা জনাই তুলি ভাৰতৰ বিভিন্ন সংস্কৃতিৰ মাজত সেঁতু গঢ়ি তোলে। তেওঁ লগতে ক...

December 11, 2025 11:54 AM

views 14

যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে জগত প্রসাদ নাড্ডাৰ বাৰ্তালাপ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রসাদ নাড্ডাই কালি যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে বাৰ্তালাপ কৰে। সকলো স্তৰৰ লোকৰ অংশগ্রহণ, বিভিন্ন পদক্ষেপৰ সম্প্ৰসাৰণ আৰু সেই সমূহৰ অনুসৰণে যক্ষ্মা ৰোগৰ বিৰুদ্ধে দেশৰ যুঁজ কিদৰে তৃৰান্বিত কৰি...

December 11, 2025 11:51 AM

views 13

ইণ্ডিগ’ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিশেষ তদাৰকী গোট গঠন

বিমান বাতিল আৰু বিমান উৰণত বিলম্ব হোৱাক কেন্দ্ৰ কৰি গুৰুগ্ৰামৰ ইণ্ডিগ'ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিশেষ তদাৰকী গোট গঠন কৰিছে। সঞ্চালকালয়ে ঘোষণা কৰে, যে এই পদক্ষেপৰ লক্ষ্য হৈছে বিমান উৰণত বিলম্ব আৰু বাতিলৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধা দূৰ কৰা। উপ-মুখ্য বিমান পৰিচালন প...

December 11, 2025 11:40 AM

views 13

প্রধানমন্ত্রীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা ভাৰতীয় জনতা পার্টিৰ

ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছৰ মন্তব্যক নিন্দনীয় বুলি অভিহিত কৰি কয়, যে শ্রীমোদীয়ে চৰকাৰী ভ্রমণসূচী আৰু দেশৰ কামতহে বিদেশলৈ যায়। কংগ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।