ৰাষ্ট্ৰীয়

December 19, 2025 12:31 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওমান, ইথিঅ’পিয়া আৰু জৰ্দান ভ্রমণ সফলতাৰে সম্পন্ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওমান, ইথিঅ'পিয়া আৰু জৰ্দানৰ ত্ৰিদেশীয় ভ্রমণ সফলতাৰে সম্পন্ন কৰিছে। ওমান ভ্রমণ কালত দুয়োখন দেশে প্রধানমন্ত্ৰী মোদী আৰু ওমানৰ চুলতান হিছাম বিন তাৰিকৰ উপস্থিতিত সৰ্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰে...

December 19, 2025 12:30 PM

views 12

নতুন দিল্লীত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাবিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত ভাষণ দিব। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে আয়ুষ ক্ষেত্ৰৰ বাবে প্ৰধান ডিজিটেল পোৰ্টেল, মাই আয়ুষ সংহত সেৱা পোৰ্টেলসহ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যম মুকলি ক...

December 19, 2025 12:28 PM

views 15

আহমেদাবাদত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিম মেচ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 19, 2025 12:26 PM

views 13

বিগত বছৰৰ ডিচেম্বৰৰ পৰা ভাৰত উপ-মহাদেশত আনছাৰুল বাংলা টীম সন্ত্ৰাসবাদী সংগঠনটোৰ ১৪জন সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা অন্য সুৰক্ষা সংস্থাৰ সহযোগত ভাৰত উপ-মহাদেশত অলকায়দাৰ সহযোগী আনছাৰুল বাংলা টীম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ১৪ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। শেহতীয়া কেইটামান মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কেইবাগৰাকীও অবৈধ বাংলাদেশ...

December 19, 2025 12:05 PM

views 34

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনে...

December 19, 2025 11:50 AM

views 86

বিকশিত ভাৰত G RAM G বিধেয়ক সংসদত গৃহীত

বিকশিত ভাৰত G RAM G অর্থাৎ বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। ৰাজ্যসভাই যোৱানিশা বিধেয়কখন গ্ৰহণ কৰে। বিধেয়কখন কালি লোকসভাত গৃহীত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী ...

December 18, 2025 7:58 PM

views 16

আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱেৰ বিশেষ পদক্ষেপ গ্রহণ

ভাৰতীয় ৰে'লৱে দেশৰ আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। বিভাগটোবে জনোৱা মতে বন্দে ভাৰত ৰেলৰ যাত্ৰীসকলকে এতিয়াৰে পৰা মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট আৰু ওড়িশাৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব। ৰে'ল মন্ধ্যালয়ে কৈছে যে, ভাৰতীয় ৰে'ল বিভাগৰ খাদ্য যোগান আৰু পৰ্যট...

December 18, 2025 7:55 PM

views 12

নেপালৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নির্বাচিত

নেপালৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নির্বাচিত হৈছে। দলৰ একাদশ ৰাষ্ট্রীয় সম্মিলনত অনুষ্ঠিত নির্বাচনত শ্রী অলীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ঈশ্বৰ পোখৰেলক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে দলৰ অধ্যক্ষ হিচাপে নির্বাচিত হয়। নির্বাচনত শ্রী অলীয়ে এহেজাৰ ৬৬৩ টা...

December 18, 2025 7:51 PM

views 15

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সম্মিলনৰ সামৰণি অনুষ্ঠানত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সম্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰাৰ লগতে আয়ুষ মন্ত্র্যালয়ে গ্রহণ কৰা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই অনুষ্ঠানত...

December 18, 2025 7:49 PM

views 10

ৰাম সুতাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, আৰু প্ৰধানমন্ত্ৰী গভীৰ দুখ প্রকাশ

বিশিষ্ট ভাস্কৰ তথা পদ্মভূষণ সন্মানেৰে সন্মানিত ৰাম সুতাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে শিল্পী ৰাম সুতাৰে ভাস্কৰ্য শিল্পৰে দেশৰ কলা আৰু ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।