ৰাষ্ট্ৰীয়

February 5, 2025 7:43 PM

views 51

ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন : উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন। নতুন দিল্লীৰ নর্থ এভিনিউ ভোটদান কেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীধনখড়ে কয় যে সকলো অধিকাৰৰ ভিতৰত ভোটদান হৈছে এটা অন্যতম মৌলিক অধিকাৰ আৰু কোনো অধিকাৰেই ইয়াৰ উৰ্ধত নহয়। তেওঁ কয় যে বিশ্...

February 5, 2025 1:06 PM

views 12

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আৰম্ভ, ৬৯৯গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্ৱন্দ্ৱিতা

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব । মুঠ ভোটদাতাৰ ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ, প্ৰায় ৭২ লাখ মহিলা আৰু এহেজাৰ ২৬৭ গৰাকী ...

February 5, 2025 1:05 PM

views 14

লোকসভাত সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ

লোকসভাত কালি সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ পাছতে সদনত ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লোকসভাত কালি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে সং...

February 5, 2025 1:03 PM

views 15

জম্মু-কাশ্মীৰৰ নিৰাপত্তা সম্পৰ্কত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত জম্মু-কাশ্মীৰৰ নিৰাপত্তা সম্পৰ্কীয় এখন বৈঠকত ভাগ লয়। গৃহ সচিব গোৱিন্দ মোহন, সেনাপ্রধান উপেন্দ্ৰ দ্বিবেদীৰ লগতে জ্যেষ্ঠ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে। ইয়াৰ পূৰ্বে যোৱাটো মাহত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে সকলো নিৰাপত্তা সংস্থ...

February 5, 2025 1:02 PM

views 18

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত চৰকাৰে দেশৰ খেতিয়কলৈ ৩ লাখ কোটিৰো অধিক টকা আগবঢ়াইছেঃ ৰামনাথ ঠাকুৰ

চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত সমগ্ৰ দেশৰ খেতিয়কসকললৈ ৩ লাখ কোটিৰো অধিক টকা আগবঢ়াইছে। কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে কালি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰীঠাকুৰে লগতে সম্প্ৰতি এই আঁচনিৰ ধন বৃদ্ধি কৰাৰ কোনো প্ৰস্তাৱ নাই বুলি স্পষ্ট কৰি দিয়ে।

February 5, 2025 1:01 PM

views 14

ছুইডেনৰ ষ্টকহোমৰ অ’ৰেব্ৰ’ চহৰৰ এটা শৈক্ষিক কেন্দ্ৰত বন্দুকধাৰীৰ গুলীত ১০জন লোকৰ মৃত্যু

ছুইডেনৰ ষ্টকহোমৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পশ্চিমত অৱস্থিত অ'ৰেব্ৰ' চহৰৰ এটা শৈক্ষিক কেন্দ্ৰত কালি এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ১০ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত বন্দুকধাৰীজনো আছে বুলি ছুইডেনৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনাত মৃত্যু হোৱা লোকৰ প্রকৃত তথ্য এতিয়াও সঠিকভাৱে জা...

February 5, 2025 12:59 PM

views 10

ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ কাইলৈ নাগপুৰত প্ৰথম খেল, বৰুণ চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ইংলেণ্ডৰ বিৰুদ্ধে কাইলৈ আৰম্ভ হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে বৰুণ চক্ৰৱৰ্তীক ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ অনুষ্ঠিত ৫ খনীয়া টি-টুৱেণ্টি শৃংখলাত বৰুণে দুখনকৈ খেলত ৫টাকৈ উইকেটৰ সৈতে মুঠ ১৪টা উইকেট লাভ কৰি শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ...

February 5, 2025 12:58 PM

views 10

ইণ্ডিয়ান ছুপাৰ লীগত আজি মোহন বাগান ছুপাৰ জায়েণ্ট আৰু পঞ্জাৱ ফুটবল ক্লাবৰ খেল

ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট দলটো পঞ্জাৱ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে, মোহন বাগানে এতিয়ালৈ ক্ৰমাগত ৮ খন খেলত অপৰাজিত হৈ আছে। ১৩ খন খেলত ...

February 5, 2025 10:38 AM

views 14

ৰাষ্ট্ৰীয় ক্রীড়াত ল’নবলৰ ফাইনেলত অসমৰ বিতু দাস, সুৰঞ্জনা বৰুৱা; ডাবলছৰ ফাইনেলত বিমান নাথ-বিশ্বজিৎ খাওন্দ

ৰাজ্যৰ উদীয়মান ল’নবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে বিমান নাথ আৰু বিশ্বজিৎ খাওন্দে পুৰুষৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। সুৰঞ্জনাই কালি ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাৰ হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক আজি ২১-১০ প...

February 4, 2025 8:35 PM

views 19

বাংলাদেশৰ সীমান্তৰ ৩,২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে : ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়

বাংলাদেশৰ সৈতে থকা ভাৰতৰ মুঠ ৪ হাজাৰ ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ৩ হাজাৰ ২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেঁও কয়, যে বেৰ স্থাপনৰ ফলত সীমান্তৰে হোৱা অপৰাধমূলক গতিবিধি, চোৰাং বেহা আৰু অপৰাধী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।