ৰাষ্ট্ৰীয়

February 10, 2025 12:50 PM

views 18

পৰীক্ষাৰ পূৰ্ৱে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। খন্তেক সময় পূৰ্বে সমাপ্ত হোৱা তথা আজি দিনৰ ১১ বজাৰ পৰা প্ৰচাৰ কৰা এই অনুষ্ঠানত নিউ গুৱাহাটী ৰে’লৱে কলনী হাইস্কুল, নিউ গুৱাহাটী আদর্শ হাইস্কুল...

February 10, 2025 12:11 PM

views 10

কাইলৈৰ পৰা ১৫ সংখ্যক এৰো ইণ্ডিয়া ২০২৫ৰ সংস্কৰণ আৰম্ভ

১৫ সংখ্যক এৰো ইণ্ডিয়া সংস্কৰণৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে এই কাৰ্যসূচীয়ে চৰকাৰৰ আত্মনিৰ্ভৰ আৰু শক্তিশালী ভাৰত গঠনৰ লক্ষ্যক আগুৱাই নিব। কালি বাংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীসিঙে কয়, যে নতুন ভাৰতৰ শক্তি, স্থিতি স্থাপকতা আৰু আত্ম নিৰ্ভৰতা প্ৰদৰ্শন কৰাৰ বাবে এৰো এণ...

February 10, 2025 12:10 PM

views 22

অতি শীঘ্ৰেই ৰে’ল বিভাগৰ ৯৫ হাজাৰ খালী পদ পূৰণ কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰে'ল বিভাগে অতি শীঘ্ৰেই ৯৫ হাজাৰ খালী পদ পূৰণ কৰিব। কালি বিহাৰৰ বেটিয়া জংচনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে শেহতীয়াকৈ অনুষ্ঠিত ১ লাখ ৫ হাজাৰ পদবীৰ লগতে এই ৯৫ হাজাৰ অতিৰিক্ত পদৰ বাবে ৰে'লৱেয়ে নিযুক্তি দিব। শ্রীবৈষ্ণৱে কয়, যে নম...

February 10, 2025 12:08 PM

views 22

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ লগতে পূজা আগবঢ়াব। তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ৱ‍ আৰু বড়ে হনুমান মন্দিৰো দৰ্শন কৰাৰ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ স...

February 10, 2025 12:06 PM

views 12

কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী আজি ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰাৰ লগতে আন এখন গুৰুত্বপ...

February 10, 2025 11:16 AM

views 56

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

● আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদান কৰা হ'ব। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জ...

February 10, 2025 11:06 AM

views 42

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তাল...

February 9, 2025 8:24 PM

views 17

আম আদমী পাৰ্টীৰ চৰকাৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীবাসীক নিশ্চিতি প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ'ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত ৪৮ খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমর্থকক সম্বোধন...

February 9, 2025 8:18 PM

views 44

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গোড়খপুৰ জংচনৰ নতুন প্রকল্পৰ পর্যালোচনা

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোড়খপুৰৰ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্রকল্পটো পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পাছত জনসাধাৰণ...

February 9, 2025 8:04 PM

views 45

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লব

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা-যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্রিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বড়ে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্র মহাকুম্ভৰ দৃশ্যও ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।