ৰাষ্ট্ৰীয়

February 23, 2025 11:33 AM

views 22

দিল্লীৰ নৱগঠিত অষ্টম বিধানসভাৰ প্ৰথমখন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ

দিল্লীৰ নৱগঠিত অষ্টম বিধানসভাৰ প্ৰথমখন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনটোত নৱ নির্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব বুলি দিল্লী বিধানসভাই জাননী যোগে প্ৰকাশ কৰিছে। কাইলৈ বিধানসভাৰ অধ্যক্ষও নিৰ্বাচন কৰা হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই সদনক উদ্দেশ্য ক...

February 23, 2025 11:24 AM

views 29

জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ আহ্বান কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ বাবে আহ্বান জনাইছে। ড০ সিঙে কয়, যে এনে সমন্বয়ৰ বাবে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎ‍সালয়ে সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে চৰকাৰে দেশৰ দুৰ্গম...

February 23, 2025 11:09 AM

views 18

কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ দ্বাৰা সম্ভৱ বুলি কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে সকলো লোককে নিজৰ সামৰ্থ অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা আৰু প্ৰতিটো পৰিয়ালকে সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ জৰিয়তেহে সম্ভৱ বুলি প্ৰকাশ কৰিছে। যোৱা তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সমবায় বিপ্লবক বিশেষ গুৰুত্ব দিয়াৰ পৰি...

February 23, 2025 11:01 AM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচীৰে আজি ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদীয়ে আজি মধ্যপ্ৰদেশৰ চত্তৰপুৰ জিলাৰ বাঘেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। এই চিকিৎসালয়খনত অত্যাধুনিক আহিলা পাতি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায...

February 22, 2025 9:26 PM

views 14

আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব।...

February 22, 2025 9:25 PM

views 6

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। পুনেত আজি জনতাসহকাৰী বেংক, পুনেৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দেশৰ সমবায় খণ্ডক বিপণনযোগ্য কৰ...

February 22, 2025 9:24 PM

views 13

ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিত গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱৰ

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত চউল শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে নেতৃত্ব ম...

February 22, 2025 9:22 PM

views 15

আৰ বি আইৰ প্ৰাক্তন গৱৰ্নৰ শক্তিকান্ত দাসক প্রধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসক প্রধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী দাস ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৮০ চনৰ তামিলনাডু কেডাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷

February 22, 2025 9:21 PM

views 15

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ৰো অধিক মনোনয়ন লাভ

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ ৰো অধিক মনোনয়ন লাভ কৰা হৈছে। এই বঁটাৰ লক্ষ্য হৈছে তিনিটা শিতানৰ অধীনৰ অসামৰিক কৰ্মচাৰীৰ অৱদানক স্বীকৃতি দিয়া। এই শিতানসমূহ হ'ল- জিলাসমূহৰ সামগ্রিক উন্নয়ন, অভিলাসী উন্নয়ন খণ্ড আৰু উদ্ভাৱন। জিলাসমূহৰ সামগ্রিক উন্নয়ন আৰু অভিলাসী উ...

February 22, 2025 9:20 PM

views 18

গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫জন ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

পেলেষ্টাইনী গোট হামাছে গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫ জন ইজৰাইলী পনবন্দীক মুকলি কৰি দিছে। ইয়াৰে ভিতৰত ৰাফাহত দুজন আৰু নুছেৰতত তিনিজন পনবন্দীক মুকলি কৰি দিয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলে ৬০০ৰো অধিক পেলেষ্টাইনী কয়দী আৰু আটকাধীন লোকক মুকলি কৰি দিবলৈ সাজু হৈছে। ইয়াৰে ভিতৰত ৬০ জন দী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।