ৰাষ্ট্ৰীয়

February 27, 2025 8:24 PM

views 13

আহমেদাবাদৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালৰ

প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালে যুৱ-যুৱতীসকলক জড়িত কৰা আৰু চহৰ অঞ্চলতো ৰেডিঅ'ৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰে। শ্ৰী ছেহগালে আজি গুজৰাটৰ আহমেদাবাদত থকা আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰি এই দৰে কয়। শ্ৰী ছেহগালে কেন্দ্ৰটোৰ ষ্টুডিঅ', বাতৰি আৰু অনুষ্ঠান বিভাগৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। ...

February 27, 2025 8:19 PM

views 17

কেন্দ্ৰীয় মন্ত্ৰী মনখুস মান্দাভিয়াৰ বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনখুস মান্দাভিয়াই আজি ভার্চুৱেল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন কৰে। ন'বেল বঁটা বিজয়ী ছাৰ চি ভি ৰমনৰ জয়ন্তী উপলক্ষে চেন্নাইৰ তিৰুচিৰাপল্লীত এই সমাৱেশৰ আয়োজন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে তিৰুচিৰাপল্লীৰ ৰাষ্ট্ৰীয় বিদ্যালয়...

February 27, 2025 8:13 PM

views 12

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে। শ্ৰী মোদীয়ে কয়, যে এইবাৰৰ মহাকুম্ভ ১৪৪ বছৰ পাছত অনুষ্ঠিত হৈছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন দিশ সূচনাৰ বাৰ্তা বহন কৰিছে।...

February 27, 2025 4:35 PM

views 35

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্টঃ উচ্চতম ন্যায়ালয়

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে। শপতনামাত চৰকাৰে এনেধৰণৰ দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্ট বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতা...

February 27, 2025 3:31 PM

views 15

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ'লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয...

February 27, 2025 3:27 PM

views 27

উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে দিল্লী আপৰ বিধায়কসকলক নিলম্বিত

আম আদমী পাৰ্টীৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ বাহিৰত তেওঁলোকক সদনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কার্যক অগণতান্ত্রিক বুলি আখ্যা দি বিৰোধী দলপতি আতিশীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে আপৰ বিধায়কসকলক সদনৰ পৰা নিলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বিধানসভাৰ চৌহদত প্ৰৱে...

February 27, 2025 3:23 PM

views 20

ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব

ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। অধ্যক্ষগৰাকীৰ এয়া হৈছে তৃতীয়টো ভাৰত ভ্ৰমণ। শ্রীমতী লেয়েনে আজি বিয়লি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধ্যক্ষগৰাকীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব...

February 27, 2025 3:20 PM

views 21

মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কৰে। সন্মিলনত ভাষণ শ্রী গোৱেলে কয়, যে মেক্ ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৌশলগত পদক্ষেপসমূহৰ জৰিয়তে দেশ উদ্ভাৱন আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থন...

February 27, 2025 3:17 PM

views 24

৯ দিনীয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱালৈ যাব

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰছিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্...

February 27, 2025 2:57 PM

views 26

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছেঃ বিত্তমন্ত্রী

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমনে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলাৰ কেন্দ্ৰীকৰণৰ বাবে বর্তমান ভালেমান প্রত্যাহ্বান ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।