ৰাষ্ট্ৰীয়

March 1, 2025 8:58 PM

views 8

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত

ছত্তিশগড়ৰ ছুকমা জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। মাওবাদীকেইজন কিস্তাৰাম এলেকাত আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছতে জিলা সংৰক্ষিত বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা যুটীয়া দলে অভিযান চলায়। মাওবাদীকেইজনে বনাঞ্চলৰ পৰা সুৰক্ষা বাহিনীৰ দলটোক লক্...

March 1, 2025 8:54 PM

views 12

প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্রীক সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত সন্মিলনত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰণিল ৱিক্রমসিংঘে আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী টনী এবোটক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টক প্রধানমন্ত্রী মোদীয়ে কয়, যে তেওঁ আলোচনাৰ বাবে সদায় আগ্রহী। শ্রী মোদীয়ে শ্...

March 1, 2025 8:50 PM

views 29

দেশত ফেব্ৰুৱাৰীত জি এছ টি সংগ্ৰহ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি

দেশত ফেব্ৰুৱাৰী মাহত সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি পাই ১ লাখ ৮৪ কোটি টকা হয়। এই সময়ছোৱাত ৩৫,২০৪ কোটি টকাৰ কেন্দ্রীয় জি এছ টি, ৪৩,৭০৪ কোটি টকাৰ ৰাজ্যিক জি এছ টি, ৯০,৮৭০ কোটি টকাৰ সংহত জি এছ টি আৰু ১৩,৮৬৮ কোটি টকাৰ ক্ষতিপূৰণ উপকৰ সংগৃহীত হয়।

March 1, 2025 8:46 PM

views 18

জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে : মন্ত্ৰী নির্মলা সীতাৰমণ

প্ৰযুক্তিৰ ফলপ্রসূ ব্যৱহাৰৰ বাবে সম্প্ৰতি চৰকাৰে জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৪৯ সংখ্যক অসামৰিক হিচাপ-নিকাচ দিৱস উদযাপন সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ ভূ...

March 1, 2025 12:27 PM

views 12

নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। এই অনুষ্ঠানত সকলো কেন্দ্রীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২০২৫ বৰ্ষৰ বাজেটত ঘোষণা কৰা সিদ্ধান্তসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ অর্থে অংশীদাৰসকল...

March 1, 2025 12:26 PM

views 12

নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহান-ই-খুছৰৌ চুফী সংগীত মহোৎসৱত প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহান-ই-খুছৰৌ চুফী সংগীত মহোৎসৱত অংশগ্ৰহণ কৰি চুফী পৰম্পৰাই ভাৰতত এক সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে যিকোনো দেশৰ সংস্কৃতি আৰু সভ্যতা গীত-নৃত্যৰ জৰিয়তেহে সমৃদ্ধ হয়। তেওঁ জাহান-ই-খুছৰাউৰ শলাগ ল...

March 1, 2025 12:25 PM

views 18

হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেডক ৬৬.৬০ লাখ টকা জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজার্ভ বেংকে নীতি নির্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেড (এইচ এছ বি চি)ক ৬৬ লাখ ৬০ হাজাৰ টকা জৰিমনা বিহিছে। এইচ এছ বি চিয়ে গ্ৰাহকসকলৰ কে ৱাই চিৰ নীতি-নিয়ম, অসুৰক্ষিত বিদেশী মুদ্রা সম্পর্কে প্রতিবেদন দিয়াত বিফল হোৱা আৰু অযোগ্য ছেভিংছ একাউণ্টছ খোলা...

March 1, 2025 12:23 PM

views 12

আকাশবাণীৰ প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে কাম-কাজৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণত গুৰুত্ব সঞ্চালকপ্ৰধান ড০ প্রজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালক প্ৰধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ কাম-কাজৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সঞ্চালকপ্ৰধানগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব মণ্ডলৰ ক’হিমাত আয়োজিত আকাশবাণী কেন্দ্ৰসমূহৰ এখন অনু...

March 1, 2025 12:22 PM

views 9

দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধিঃ কয়লা মন্ত্ৰ্যালয়

দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে। কয়লা মন্ত্র্যালয়ে প্রকাশ কৰা অনুসৰি ২০২২ চনত দেশত ৰে'লপথ আৰু সাগৰীয় পথেৰে সৰবৰাহ হোৱা ২৮ নিযুত মেট্রিক টনৰ পৰা ২০২৪ চনত কয়লাৰ পৰিমাণ ৫৪ নিযুত মেট্রিক টনলৈ বৃদ্ধি পায়। কেৱল ৰে'লপথেৰে কয়লা সৰবৰাহৰ তুলনাত সাগৰীয় পথেৰে পৰিবহণ কৰা কয়লাৰ পৰিমাণ ...

March 1, 2025 12:20 PM

views 18

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত ডেলহী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ডেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ডেলহী কেপিটেলছে ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি হাতত ৯টা উইকেট আৰু ৩৩টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।