ৰাষ্ট্ৰীয়

March 2, 2025 8:24 PM

views 23

জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছেঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কৈছে যে, জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে আজি হায়দৰাবাদত সংবাদ মাধ্যমৰ আগত কয়, যে বৈপ্লৱিক উড়ান আঁচনিৰ জৰিয়তে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰসমূহ...

March 2, 2025 8:18 PM

views 61

গুজৰাটৰ গান্ধীনগৰত কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধা সন্দৰ্ভত কয়লা মন্ত্ৰ্যালয়ৰ ৰোড শ্ব’ৰ আয়োজন

কয়লা মন্ত্ৰ্যালয়ে গুজৰাটৰ গান্ধীনগৰত কাইলৈ ব্যৱসায়িক ভিত্তিক কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধাৰ সন্দৰ্ভত এটা ৰোড শ্ব'ৰ আয়োজন কৰিছে। ব্যক্তিগত বিনিয়োগকাৰীক আকৰ্ষণ আৰু বাণিজ্যিক কয়লা খনিৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰ্যালয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ কয়লা খণ্ডত ব্যক্তিগত খণ্ডৰ...

March 2, 2025 8:07 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট ভ্ৰমণৰ অংশ হিচাপে জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলাখনৰ ৩ হাজাৰ একৰ ভূমিত স্থাপন কৰা বনতাৰা হৈছে জীৱজন্তু উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ। শ্ৰীমোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে কালি সন্ধিয়া জা...

March 2, 2025 8:03 PM

views 32

বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰ। তেওঁ কয়, যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেৰালাৰ তিৰুৱনন্তপুৰত আজি ভাৰতীয় বিচাৰকেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰণ স্মাৰক বক্তৃতা...

March 2, 2025 12:19 PM

views 12

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় হিলাল সমিতিৰ তথ্য অনুসৰি আজি প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ৩০ মিনিট, ইফতাৰৰ সময় আবেলি ৫ বাজি ২৫ মিনিট, মৰিগাঁও আৰু জাগীৰোডৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৭ মিনিট, ইফতাবৰ সময় আবেলি ৫ বাজি ২২ মিনিট, নগাঁও আ...

March 2, 2025 11:54 AM

views 11

বলিভিয়াৰ ঘাইপথত সংঘটিত বাছ দুৰ্ঘটনাত দুটি শিশুকে ধৰি ৩৭ জন লোকৰ মৃত্যু

বলিভিয়াৰ ঘাইপথত কালি সংঘটিত এটা বাছ দুৰ্ঘটনাত দুটি শিশুকে ধৰি ৩৭ জন লোকৰ মৃত্যু হয়। অৰুৰো মহানগৰ অভিমুখী এখন যাত্রীবাহী বাছে বিপৰীত দিশৰ পৰা অহা আন এখন যাত্রীবাহী বাছত খুন্দা মৰাৰ ফলত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে দেশখনৰ পাহাৰীয়া পথসমূহ অতি বিপদসংকুল। চৰকাৰী তথ্য অনুসৰি দেশখনত প...

March 2, 2025 12:03 PM

views 27

চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে ১৫ বছৰ পুৰণি বাহনসমূহত ৩১ মাৰ্চৰ পাছত তেল ডিপোত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিছাই বায়ু প্ৰদূষণ সমস্যা সম্পৰ্কে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথ...

March 2, 2025 11:39 AM

views 18

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। শ্ৰী শ্বাহে সংশ্লিষ্ট কৰ্তৃপক্ষক অহা ৮ মাৰ্চৰ পৰা ৰাজ্যখনৰ সকলো বাট-পথতে যাতে জনসাধাৰণে মুক্তভাৱে চলাফুৰা কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা...

March 2, 2025 11:29 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া গুজৰাট ভ্রমণসূচীৰে জামনগৰত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া গুজৰাট ভ্রমণসূচীৰে কালি বিয়লি জামনগৰত উপস্থিত হয়। শ্ৰী মোদীয়ে আজি আৰু কাইলৈ ভালেমান অনুষ্ঠানত অংশ ল'ব। শ্রী মোদীয়ে আজি পশুধন উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ ৱনতাৰা পৰিদৰ্শন কৰিব। ইয়াৰ পাছত শ্ৰী মোদীয়ে সোমনাথ মন্দিৰত পূজা-অৰ্চনা কৰিব আৰু সোমনাথ ন্যাসৰ বৈঠকত...

March 1, 2025 9:02 PM

views 13

উত্তৰাখণ্ডৰ চাম’লীত হিমস্খলনত আৱদ্ধ হোৱা শ্ৰমিকৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

উত্তৰাখণ্ডৰ চাম'লী জিলাৰ মানা গাঁৱত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰা শ্ৰমিকৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এতিয়ালৈ ৫০ জন শ্রমিকক উদ্ধাৰ কৰা হৈছে যদিও আন ৫ জন শ্রমিকক উদ্ধাৰৰ বাবে প্রশাসনে চেষ্টা চলাই আছে। এই ঘটনাত চাৰিজন শ্রমিকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।