ৰাষ্ট্ৰীয়

April 13, 2025 8:08 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্রশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্রশংসা কৰে। ভূপালত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমবায় সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰাম্য উন্নয়...

April 13, 2025 8:05 PM

views 24

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজু...

April 13, 2025 7:58 PM

views 10

ফিল্ম ফৰেণচিক সন্দৰ্ভত ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয়ৰ নতুন দিল্লীত সন্মিলনৰ আয়োজন

ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয় এন এফ এছ ইউয়ে নতুন দিল্লীত আজি ফিল্ম ফৰেণচিক সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ফৰেণচিক বিশেষজ্ঞ, চিত্র নির্মাতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা তথা সহযোগিতাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰা। অপৰাধমূলক সমস্যা সমাধান আৰু বিজ্ঞানসন্মত পদ্ধতি সম্পর্...

April 13, 2025 6:19 PM

views 89

বৈশাখী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত তেওঁ কয় যে এই উৎসৱে সকলোৰে জীৱনলৈ নতুন আশা, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। শ্রীমোদীয়ে লগতে কয় যে, এই উৎসৱে একতা আৰু কৃতজ্ঞতাৰ মনোভাৱ উদযাপন কৰে।

April 13, 2025 6:15 PM

views 9

দিল্লী চৰকাৰ ভীমৰাও আম্বেদকাৰে প্ৰতিষ্ঠা কৰা পথ অনুসৰণ কৰিবলৈ উৎসর্গিতঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা

দিল্লী চৰকাৰে আজি ৰাষ্ট্ৰীয় ৰাজধানীত ড০ ভীমৰাও আম্বেদকাৰৰ কাইলৈ উদযাপন কৰিবলগীয়া জয়ন্তী উপলক্ষে ৱাকাথনৰ আয়োজন কৰে। কেইবাশ শিশুৱে অংশগ্ৰহণ কৰা ৱাকাথন দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী গুপ্তাই কয় যে দিল্লী চৰকাৰ বাবাচাহেবে প্ৰতিষ্ঠা কৰা পথ অ...

April 13, 2025 6:10 PM

views 42

যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ আহ্বান জনায়। ড০ মন্দাভিয়াই ক্রীড়া মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত জয় ভীম যাত্ৰাৰ পতাকা উত্তোলন কৰাৰ পূৰ্বে পাটনাৰ ...

April 13, 2025 5:41 PM

views 11

জালিয়ানবালাবাগৰ শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানবালাবাগৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ১৯১৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি কয়, যে তেওঁলোকৰ এই...

April 13, 2025 12:17 PM

views 27

২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ এ আই চি টি ইৰ পদক্ষেপ

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ তথা চমুকৈ এ আই চি টি ই-য়ে ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে অভিলাষী পদক্ষেপ গ্রহণ কৰিছে। অসমীয়া ভাষাৰ লগতে গুজৰাটী, কানাড়া, হিন্দী, মালায়ালম, মাৰাঠী, ওড়িয়া, প...

April 13, 2025 11:58 AM

views 14

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

কেন্দ্ৰীয় চৰকাৰে অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰিবলগীয়া ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন বিচাৰিছে। যোৱা ১৫ মাৰ্চত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩১ জুলাই পর্যন্ত এই প্রক্রিয়া খোলা থাকিব। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলৰ জৰিয়তেহে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যা...

April 13, 2025 11:54 AM

views 17

ঝাৰখণ্ডৰ আদানী বিদ্যুৎ শক্তি প্ৰকল্পৰ দিটা গোটত কাৰিকৰী বিজুতি

ঝাৰখণ্ডৰ গোড্ডাত অৱস্থিত আদানী বিদ্যুৎ শক্তি প্ৰকল্পৰ দিটা গোটত হোৱা কাৰিকৰী বিজুতিৰ পৰিণতিত বাংলাদেশত বিদ্যুতৰ সমস্যাই দেখা দিছে। বাংলাদেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰকল্পটোৰ প্ৰথমটো গোট বিজুলী উৎপাদন পহিলা এপ্ৰিলত বন্ধ কৰি দিয়া হৈছিল আৰু দ্বিতীয়টো গোটৰ পৰা প্ৰায় ৬৫০-৭০০ মেগাৱাট বিদ্যুৎ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।