ৰাষ্ট্ৰীয়

April 19, 2025 9:05 PM

views 10

পশ্চিমবংগত ৱকফ সংশোধনী আইন বিৰোধী হিংসাত নিহতৰ পৰিয়াললৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৰ

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুই ৱকফ সংশোধনী আইন বিৰোধী হিংসাৰ সময়ত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। ৰাজ্যপালগৰাকীয়ে আজি মুৰ্চিদাবাদ জিলাৰ ছমচেৰগঞ্জৰ প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু যোৱা ১২ এপ্ৰিলত উন্মত্ত জনতাই হত্যা কৰা পিতা-পুত্ৰৰ পৰিয়ালক সাক...

April 19, 2025 9:03 PM

views 16

মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিং

ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত চোটৰাণীয়ে আজি ছেমিফাইনেলত হংকঙৰ অষ্টম বাছনিপ্ৰাপ্ত চি হিমৱঙক ৩-১ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত পাকিস্ত...

April 19, 2025 8:06 PM

views 58

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টৰ ৫০ বছৰ সম্পূৰ্ণ

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টই আজি ৫০ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী আর্যভট্টৰ নামত ১৯৭৫ চনৰ আজিৰ দিনটোতেই কৃত্রিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন য়া...

April 18, 2025 10:22 AM

views 23

সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন

সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটোত কীৰ্তি চিহ্ন আৰু ঐতিহ্যৰ স্থানসমূহৰ দিন হিচাপেও জনা যায়৷ এই বছৰ এই দিৱসৰ বিষয় বস্তু হৈছে : ঐতিহ্যমণ্ডিত স্থানসমূহত দুৰ্যোগ আৰু সংঘাতৰ ভাবুকি৷ বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ...

April 18, 2025 10:19 AM

views 28

মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰেপৰা হ'বলগীয়া মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দেশৰ উত্তৰ-পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তু...

April 17, 2025 8:19 PM

views 11

মিঠা পানীৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণ বৃদ্ধিৰ বাবে ডিজিটেল মঞ্চ মুকলি

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে নতুন দিল্লীত আজি মিঠা পানীৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণ বৃদ্ধিৰ বাবে ডিজিটেল মঞ্চ মুকলি কৰে। তেওঁ ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অন্তৰ্গত ভাৰতীয় বন্যপ্রাণী সংস্থাৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই মঞ্চই গংগা, কাবেৰী আৰু গোদাবৰীৰ নিচিনা প্ৰধান ...

April 17, 2025 8:12 PM

views 17

নতুন দিল্লীত হোৱা প্ৰতিৰক্ষা সন্মিলনত মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা ৰাজনাথ সিঙে কয়, যে চৰকাৰে প্ৰতিৰক্ষা বাজেটৰ ৭৫ শতাংশ ঘৰুৱা কোম্পানীসমূহৰ পৰা ক্ৰয় কৰিবলৈ সংৰক্ষিত কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত ভাষণ দি শ্রীসিঙে কয়, যে দেশত প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১ লাখ ২৭ হাজাৰ কোটি টকাৰো অধিক হৈছে। তেওঁ কয়, ...

April 17, 2025 8:08 PM

views 23

যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে পর্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত যমুনা নৈৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজীৱতাৰ বাবে চলি থকা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয়। শ্রীমোদীয়ে নলাসমূহৰ প্ৰৱাহ জুখিবলৈ মাইক্ৰ' লেভেল পৰ্যায়ৰ ত...

April 17, 2025 7:56 PM

views 20

ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশ যোগে ৱকফ বোর্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ, ৱকফ বোর্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন...

April 17, 2025 7:49 PM

views 16

ডিফুত ১০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কাৰ্বি আংলং জিলাৰ ডিফুত ১০০ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্রকল্প, প্রতিমূৰ্তি-তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।