ৰাষ্ট্ৰীয়

April 20, 2025 10:50 AM

views 19

মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হব বুলি ৰাজ্যপাল চি ভি বসুৰ প্ৰকাশ

মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হ'ব আৰু বাস্তৱিক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি পশ্চিমবংগৰ ৰাজ্যপাল চি ভি বসুৱে প্ৰকাশ কৰিছে। কালি মুৰ্ছিদাবাদ জিলাৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কলকাতালৈ ওভতাৰ সময়ত সাংবাদিক...

April 20, 2025 10:20 AM

views 29

বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ইষ্টাৰ পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। এই উপলক্ষে গীর্জা ঘৰসমূহত বিশেষ প্ৰাৰ্থনাসভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশ-বিদেশৰ সকলো লোক বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা ব...

April 20, 2025 10:17 AM

views 50

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু অভিমুখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। আমেৰিকাৰ ছেনফ্ৰান্সিস্কোৰ দুদিনীয়া ভ্ৰমণকালত শ্ৰীমতী সীতাৰমণে ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ হুৱৰ প্ৰতিষ্ঠানত মূল ভাষণ দিব আৰু আগশাৰীৰ পুঁজি ব্যৱস্থাপনা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় ...

April 20, 2025 10:14 AM

views 24

ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক ভাৰতৰ তীব্ৰ গৰিহণা

ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ...

April 19, 2025 9:27 PM

views 18

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছে আজি দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ২০৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ যোশ বাটলাৰে ৫৪ টা বলত ৯৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দেল...

April 19, 2025 9:13 PM

views 13

চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছেঃ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিশ্ব যকৃৎ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ যকৃৎ আৰু পিত্ত বিজ্ঞান প্রতিষ্ঠানে আয়োজন কৰা সুস্থ যকৃৎ, সুস্থ ভাৰত শীৰ্ষক এটা অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰাকীয়ে এইদৰে প্ৰকা...

April 19, 2025 9:11 PM

views 26

আজি বিশ্বজুৰি যকৃৎ দিৱস পালন

জনসাধাৰণক তেলজাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰ পৰিহাৰ কৰি এটা সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু যকৃতৰ বিভিন্ন ৰোগ সম্পৰ্কে সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি বিশ্বজুৰি যকৃৎ দিৱস পালন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত মৃত্যুৰ ১০ টা মূল কাৰণৰ ভিতৰত যকৃতৰ ৰোগো এটা অন্যতম কাৰণ হেপাটাইটিচ বি, চি আৰু হেপাট...

April 19, 2025 9:10 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্রধানমন্ত্রী প্রিন্স মহম্মদ বীন ছলমনৰ আমন্ত্ৰণ ক্ৰমে শ্ৰী মোদী ছৌডি আৰবলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত আজি উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব তৃতীয়টো ছৌডি আৰব ভ্ৰমণ। ইয়াৰ পূৰ...

April 19, 2025 9:09 PM

views 11

বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা

বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, এই ঘটনাই চুবুৰীয়া দেশখনত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ অধীনত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা পৰিকল্পিত অতিশায্য শৈলীক প্ৰতি...

April 19, 2025 9:07 PM

views 22

ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ওলগ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পৱিত্ৰ ইষ্টাৰ উৎসৱে নিঃস্বার্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ ল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।