ৰাষ্ট্ৰীয়

May 3, 2025 8:02 PM

views 17

ৱেভছ সন্মিলনত স্পর্টিফাই হাউছ, ইভ’লিউছন অব ফ’ক মিউজিক ইন ইণ্ডিয়া শীর্ষক অনুষ্ঠান

মুম্বাইত চলি থকা ৱেভছ সন্মিলন ২০২৫ৰ আজি তৃতীয় দিনা স্পর্টিফাই হাউছ, ইভ'লিউছন অব ফ'ক মিউজিক ইন ইণ্ডিয়া শীর্ষক আকর্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ লোকসংগীতৰ শিল্পীসকলে মত বিনিময় কৰে। এই অনুষ্ঠানত বিশিষ্ট গীতিকাৰ তথা কেন্দ্ৰীয় চলচ্চিত্র প্রমাণীকৰণ পৰিষদৰ অধ্যক্ষ প্ৰ...

May 3, 2025 7:57 PM

views 13

ৱেভছ সন্মিলনত ভাৰতৰ লাইভ ইভেণ্টছ ইকনমি – ষ্টেটেজিক গ্রোথ ইমপেৰেটিভৰ প্ৰথমখন শ্বেতপত্ৰ উন্মোচন

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে আজি মুম্বাইত অনুষ্ঠিত ৱেভছ সন্মিলনত ভাৰতৰ লাইভ ইভেণ্টছ ইকনমি – ষ্টেটেজিক গ্রোথ ইমপেৰেটিভৰ প্ৰথমখন শ্বেতপত্ৰ উন্মোচন কৰে। স্বেতপত্ৰখনে ভাৰতৰ দ্ৰুত গতিত সম্প্ৰসাৰিত সক্ৰিয় মনোৰঞ্জন উদ্যোগৰ বিষয়ে এটা বিস্তৃত বিশ্লেষণ বিশেষকৈ এই খণ্ডটোৰ অবিৰত বিৱৰ্তনৰ ক্ষ...

May 3, 2025 7:53 PM

views 15

মধ্যস্থতা ন্যায় প্রদান প্রক্রিয়াত আৱশ্যকীয় অংগ : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে মধ্যস্থতা ন্যায় প্রদান প্রক্রিয়াত আৱশ্যকীয় অংগ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰতীয় মধ্যস্থতা সংস্থাৰ উদ্বোধন আৰু প্ৰথম ৰাষ্ট্ৰীয় মধ্যস্থতা সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে মধ্যস্থতাই অকল বিচাৰাধীন সুকীয়া...

May 3, 2025 7:48 PM

views 28

ভাৰত আৰু আংগোলাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু আংগোলাই কৃষি, পৰম্পৰাগত চিকিৎ‍সা আৰু সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গোনজাল্‌জে লোৰেন্সৰ মাজত আজি নতুন দিল্লীত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনা অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। নতুন দিল্ল...

May 3, 2025 6:54 PM

views 15

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ৪৩টা কেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্রহণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি হৈ যোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্রহণত ব্যাঘাত জন্মা ৪৩টা ভোটকেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্রহণ কৰা হ'ব। সেই অনুসৰি হাইলাকান্দি জিলাৰ ৩১টা, শ্রীভূমিত ৮টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰত কাইলৈ পুৱা চাৰে বজাত বজাৰ বিয়লি চাৰে ...

May 3, 2025 6:49 PM

views 37

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৫ মে’ত জীপ ছাফাৰী সামৰণি পৰাৰ সম্ভাৱনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই অহা ১৫ মে'ত জীপ ছাফাৰীও সামৰণি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'লেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা বুঢ়াচাপৰি বনাঞ্চল কিছু দি...

May 3, 2025 6:41 PM

views 11

পাকিস্তানৰ পৰা সকলো ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানিত ভাৰতৰ নিষেধাজ্ঞা

ভাৰতে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা সকলো ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে। বিদেশ বাণিজ্যৰ সঞ্চালক প্রধানগৰাকীয়ে এখন জাননীযোগে প্ৰকাশ কৰা অনুসৰি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা ভাৰতে সকলোধৰণৰ সামগ্ৰীৰ আমদানি আৰু সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জাননীখনৰ মতে ৰাষ্...

May 3, 2025 6:37 PM

views 15

গোৱাৰ শ্ৰীলাইৰাই দেৱী যাত্ৰা উৎসৱত পদপিষ্ট হৈ ৬জন লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

গোৱাৰ বিচোলিমৰ শ্বিৰগাও গাৱঁত অনুষ্ঠিত শ্ৰীলাইৰাই দেৱী যাত্ৰা উৎসৱত পদপিষ্ট হৈ আজি ৬জন লোকৰ মৃত্যু হয়। এই ঘটনাত ৮০ৰো অধিক লোক আহত হয়। আজি নিচেই পুৱা কেইবাশতিকা পুৰণি মন্দিৰটোত অনুষ্ঠিত এই পৰম্পৰাগত উৎসৱত ভাগ ল'বলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। মানুহৰ ভিৰ তথা ঠেলা হেঁচাত বহু মানুহ পৰি গৈ পদপিষ্ট হয়...

May 3, 2025 6:23 PM

views 22

৩১ জুলাইৰ পৰা প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ৰ বাবে মনোনয়ন প্রক্রিয়া মুকলি

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ চলিত বৰ্ষৰ ৩১ জুলাইৰ পৰা ৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত শিশুৰ বাবে মনোনয়ন প্রক্রিয়া মুকলি কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ হৈছে দেশৰ শিশুসকলৰ ব্যতিক্রমী কৃতিত্বক স্বীকৃতি দিবলৈ ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মানীয় বঁট...

May 2, 2025 8:24 PM

views 14

অন্ধ্ৰপ্ৰদেশত অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত উপস্থিত হৈ ৰাজ্যখনৰ ৰাজধানী অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে ৫৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও পথ আৰু ৰে'ল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। উদ্বোধনী অনুষ্ঠানত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।