ৰাষ্ট্ৰীয়

June 23, 2025 11:27 AM

views 26

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে বিগত দুটা সপ্তাহ ধৰি পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কালি শ্ৰীপুৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত কিছু বছৰত ইয়াৰ যোগান ব্যৱস্থ...

June 23, 2025 11:23 AM

views 15

সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধান পৰিষদৰ অনুমান সমিতিসমূহৰ ৰাষ্ট্ৰীয় সন্মিলন আজি মুম্বাইত আৰম্ভ

সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধান পৰিষদৰ অনুমান সমিতিসমূহৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আজি মুম্বাইত আৰম্ভ হ'ব। এই সন্মিলনত প্ৰশাসনৰ দক্ষতা আৰু অৰ্থনৈতিক নিশ্চিতিৰ বাবে আনুমানিক বাজেটৰ পৰ্যালোচনা তথা এই দিশসমূহ চোৱাচিতা কৰাৰ ক্ষেত্ৰত সমিতিসমূহৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ'ব। এই সমিতিৰ...

June 23, 2025 11:15 AM

views 12

জৰ্ডানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অভিযানত ১৬০ গৰাকী ভাৰতীয় লোকক সুৰক্ষিতভাৱে উদ্ধাৰ

ইজৰাইলৰ বিমান বন্দৰসমূহ বন্ধ কৰি দিয়াৰ লগতে বাণিজ্যিক বিমান সেৱা বাতিল কৰাৰ পাছত ইজৰাইল আৰু জৰ্ডানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অভিযানৰ অংশ হিচাপে অপাৰেচন সিন্ধুৰ অধীনত কালি ১৬০ গৰাকী ভাৰতীয় লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে ইৰান আৰু ইজৰাইলত থকা ভাৰতীয় লোকসকলক ঘূৰাই অনাৰ ব...

June 23, 2025 11:14 AM

views 27

ইৰানৰ মাশ্বাডৰ পৰা বিশেষ বিমানেৰে যোৱা ২৮৫ গৰাকী ভাৰতীয় নাগৰিকক আদৰণি

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইৰানৰ মাশ্বাডৰ পৰা এখন বিশেষ বিমানেৰে যোৱা নিশা নতুন দিল্লীত উপস্থিত হোৱা ২৮৫ গৰাকী ভাৰতীয় নাগৰিকক আদৰণি জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে এহেজাৰ ৭১৩ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, যে অহা দুদি...

June 23, 2025 11:09 AM

views 21

আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু ঘাটি আক্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘই এখন জৰুৰীকালীন বৈঠকৰ আহ্বান

আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু ঘাটি ফর্ডো, নটাঞ্জ আৰু ইস্ফহানত কৰা আক্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘই এখন জৰুৰীকালীন বৈঠকৰ আহ্বান কৰিছে। ইয়াৰ মাজতে ৰাছিয়া, চীন আৰু পাকিস্তানে ১৫ জনীয়া সদস্য সমিতিক মধ্যপ্রাচ্যত তাৎক্ষণিক আৰু বিনাৰ্চতে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ এখন বৈঠকত ভাষণ দি ৰা...

June 23, 2025 11:04 AM

views 20

ৰাজ্যৰ ৫ খন বিধানসভা আসনৰ বাবে হোৱা উপ-নির্বাচনৰ আজি ভোটগণনা

দেশৰ চাৰিখন ৰাজ্যৰ ৫ খন বিধানসভা আসনৰ বাবে হোৱা উপ-নির্বাচনৰ আজি ভোটগণনা কৰা হ'ব। ৱিছাৱদাৰ আৰু কড়ি সমষ্টিৰ বাবে গুজৰাটত ভোটগণনা কৰা হ'ব। ইয়াৰ লগতে কেৰালাত নিলাম্বুৰ আসনখনৰ বাবে, পশ্চিমবংগত কালিগঞ্জ আৰু পঞ্জাৱত লুধিয়ানা পশ্চিম বিধানসভা আসনখনৰ বাবেও আজি ভোটগণনা কৰা হ'ব ।

June 22, 2025 8:03 PM

views 9

কাটাৰত আন্তৰাষ্ট্ৰীয় যোগ দিৱসত ১০০০কৈ অধিক আগ্ৰহী লোকৰ অংশগ্ৰহণ

কাটাৰত অনুষ্ঠিত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱসত এহেজাৰতকৈ অধিক আগ্ৰহী লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কাৰ্টাৰত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল তথা যোগাভ্যাসৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলৰ কল্যাণ তথা একতা প্রতিফলিত হয়। ভাৰতীয় ক্রীড়া কেন্দ্ৰৰ সহযোগত ভাৰতীয় দূতাবাসে লোহাৰ আইডিল ইণ্ডিয়ান স্কুলত এই অনুষ্ঠা...

June 22, 2025 8:00 PM

views 15

যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংগ কৰি লোৱাত অন্ধ্ৰপ্ৰদেশৰ নাগৰিকক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাভ্যাসক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংগ কৰি লোৱা বাবে অন্ধ্ৰপ্ৰদেশৰ নাগৰিকসকলক প্ৰশংসা কৰে। বিশাখাপট্টনমত কালি হোৱা সুদীৰ্ঘ যোগাভ্যাসৰ গীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিশাখাপট্টনমত অনুষ্ঠিত এই কার্যসূচীয়ে কল্যান তথা সুস্বাস্থ্যৰ প্ৰতি মনোযোগ দিবলৈ জন...

June 22, 2025 7:56 PM

views 35

সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই : গৃহমন্ত্রী অমিত শ্বাহ

গৃহমন্ত্রী অমিত শ্বাহে কয় যে সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই। চৰকাৰে নক্সালবাদ সমুলঞ্চে নিৰ্মূল কৰাৰ পণ লোৱা বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই লক্ষ্যত অচিৰেই উপনীত হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। নৱা ৰায়পুৰৰ বাঞ্জৰি গাঁওত ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰী...

June 22, 2025 7:50 PM

views 15

ইৰান-ইজৰাইলৰ মাজৰ সংঘর্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে মত বিনিময় কৰি ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘর্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে তেওঁলোকে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। যুদ্ধৰ পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।