ৰাষ্ট্ৰীয়

June 30, 2025 8:00 PM

views 25

সমাগত অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মুৰ সৰস্বতী ধামত অফলাইন টোকেন বিতৰণ কেন্দ্ৰ মুকলি

সমাগত অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট কৰ্তৃপক্ষই আজি জম্মুৰ সৰস্বতী ধামত অফলাইন টোকেন বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। এই যাত্ৰাৰ বাবে আগ্রহী দর্শনার্থীসকলে থিতাতে পঞ্জীয়ন কৰিব পৰা ব্যৱস্থাৰ বাবে প্রয়োজনীয় টোকেন লাভ কৰিবলৈ আজি কেন্দ্ৰটোত যথেষ্ট ভিৰ কৰা দেখা যায়। সৰস্বতী ধাম টোকেন কেন্দ্ৰত আজি প...

June 30, 2025 7:55 PM

views 12

কৈলাস মানসৰোবৰ যাত্ৰা ৫ বছৰৰ বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ আৰম্ভ

কৈলাস মানসৰোবৰ যাত্ৰা ৫ বছৰৰ বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ আৰম্ভ হৈছে। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা এই যাত্ৰা বন্ধ ৰখা হৈছিল। এইবাৰ এই যাত্ৰা ছিকিমৰ নাথুলা পাছ আৰু উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি এই যাত্ৰা আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱন...

June 30, 2025 7:47 PM

views 14

বুধবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰৰ পৰা পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচীৰে ঘানা, ত্রিনিদাদ আৰু তবাগো, আৰ্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়ালৈ যাব। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব দাম্বু ৰবিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২ আৰু ৩ জুল...

June 30, 2025 7:39 PM

views 36

৬ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্টুগাল আৰু ব্ৰাজিললৈ ৰাওনা বিত্তমন্ত্ৰী সীতাৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৬ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্টুগাল আৰু ব্ৰাজিললৈ ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে স্পেইন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিত্ত সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৷ নতুন আৰু বৰ্তমানৰ সমস্যা বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তা আৰু আন্তঃ...

June 30, 2025 12:05 PM

views 18

চৰকাৰৰ গ’ আই ষ্টেটচ (GoIStats) নামৰ এটা মোবাইল এপ্লিকেচন মুকলি

চৰকাৰে গ' আই ষ্টেটচ (GoIStats) নামৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰিছে। এই এপটোৰ জৰিয়তে জনসাধাৰণে বিভিন্ন চৰকাৰী সেৱাৰ তথ্য সহজতে লাভ কৰিব পাৰিব। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়ৰ এই পদক্ষেপে চৰকাৰী পৰিসংখ্যাসমূহ সকলো নাগৰিকৰ বাবে সুলভ আৰু ব্যৱহাৰকাৰীক...

June 30, 2025 12:03 PM

views 12

কাছবা আইন মহাবিদ্যালয়ৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বাবে বিশেষ তদন্তকাৰী দলৰ সদস্যৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

কলকাতা আৰক্ষীয়ে কাছবা আইন মহাবিদ্যালয়ৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলৰ সদস্যৰ সংখ্যা ৫ৰ পৰা ৯লৈ বৃদ্ধি কৰিছে। কলকাতা চহৰত বিৰোধী দলসমূহে এই ঘটনাৰ উচিত তদন্তৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি কলকাতাত শাসকীয় তৃণমূ...

June 30, 2025 11:56 AM

views 29

ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি কৰিব। এই মণ্ডলৰ অধীনত দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱো সামৰি লোৱা হৈছে। গণতান্ত্রিক প্রতিষ্ঠানসমূহ শক্তিশালী কৰাৰ লগতে এই দিশত ৰাজ্যসমূহৰ অভিজ্ঞতাসম...

June 30, 2025 11:48 AM

views 27

হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ কৰিছে। তেলেংগানাৰ নিজামাবাদত অনুষ্ঠিত কৃষক সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতি লোক তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰা সকলৰ সৈতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয়। গৃহমন্ত্ৰীগৰাকীয়...

June 30, 2025 11:44 AM

views 24

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকা ভ্ৰমণলৈ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকালৈ যাব। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক' ৰুবিঅ'ৰ নিমন্ত্রণমৰ্মে কাইলৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ড° জয়শংকৰ আমেৰিকালৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই বৈঠকত ...

June 30, 2025 11:42 AM

views 20

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উত্তৰ প্ৰদেশ ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বৰেলী আৰু গোৰখপুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ আজি প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।