ৰাষ্ট্ৰীয়

July 22, 2025 1:04 PM

views 8

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৮জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৮ জন বাংলাদেশী নাগৰিকক কালি পশ্চিমবংগ আৰক্ষীয়ে মুর্শিদাবাদ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে। লগতে, এই বাংলাদেশী নাগৰিককেইজনক দেশত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগত আন তিনিজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। লালবাগৰ অতিৰিক্ত অধীক্ষক ৰাছপ্ৰীত সিঙে প্ৰকাশ কৰা অনুসৰি, দুটা ভিন্ন স্থানৰ পৰ...

July 22, 2025 1:01 PM

views 17

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ কৰা হৈছে। যোৱাবাৰৰ বিজয়ী ভাৰতক গ্ৰুপ বিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান তথা ভূটান আৰু মালদ্বীপৰ সৈতে স্থান দিয়া হৈছে । আনহাতে গ্রুপ এত ৰখা দলকেইটা হৈছে শ্রীলংকা, বাংলাদেশ আৰু নেপাল। প্রতিযোগিতাখন ১৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টে...

July 22, 2025 12:05 PM

views 9

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্যজনিত কাৰণত পদত্যাগ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত কালি পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীধনখড়ে উল্লেখ কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্ম...

July 22, 2025 12:03 PM

views 18

বান-খৰাং পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ আহিব কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান

ৰাজ্যৰ বান আৰু খৰাংপীড়িত কেইবাখনো জিলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলাসমূহ ভ্ৰমণ কৰিব। নতুন দিল্লীৰ কৃষি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠকৰ সময়ত কালি শ্ৰী চৌহানে এই বিষয়ে আশ্বাস দিয়ে। বৈঠকত মন্ত...

July 21, 2025 12:19 PM

views 96

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে কালি আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁক বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰধান সচিব থাবাং লেখেলাই আদৰণি জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই কয়, যে দেশ দুখনৰ...

July 21, 2025 12:11 PM

views 13

আজিৰে পৰা দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ

দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ আজিৰে পৰা ড০ আম্বেদকাৰ ষ্টেডিয়ামত আৰম্ভ হ'ব। এই প্রতিযোগিতাত ৩৬টা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে ২৪টা দল ল'ৰাৰ আৰু ১২টা দল ছোৱালীৰ। উদ্বোধনী খেলত ল'ৰা শাখাত দ্বাৰকাৰ চৰকাৰী সহ-শিক্ষা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে, মাদাৰছ ইণ্টাৰনেশ্যনে...

July 21, 2025 12:08 PM

views 17

ভাৰতৰ সংসদীয় ৰাজনীতিৰ আলোচনা, বিতর্ক, বিবেচনা আৰু বক্তৃতাৰ বাবে পূৰ্বৰ পৰাই সুনাম আছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে ভাৰতৰ সংসদীয় ৰাজনীতিৰ আলোচনা, বিতর্ক, বিবেচনা আৰু বক্তৃতাৰ বাবে পূৰ্বৰ পৰাই সুনাম আছে। অর্থপূর্ণ তথা গুৰুত্বপূৰ্ণ আলোচনাই ভাৰতক উন্নতিৰ শিখৰলৈ লৈ যাব বুলিও তেওঁ মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতি শ্ৰীধনখড়ে নতুন দিল্লীত কালি ৰাজ্যসভাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ অংশগ্ৰহণকাৰী...

July 21, 2025 12:06 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিব। ভ্রমণকালত শ্রীমোদীয়ে ভাৰত আৰু ব্ৰিটেইন দ্বিপাক্ষিক সম্পর্কক লৈ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গো...

July 21, 2025 11:30 AM

views 15

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, কালি সৰ্বদলীয় বৈঠক সম্পন্ন

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশন ২১ আগষ্টলৈ চলিব। অধিৱেশনৰ কালছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডাৰ সভাপতিত্বত এখন...

July 21, 2025 11:28 AM

views 19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে গুৱাহাটী উচ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।