ৰাষ্ট্ৰীয়

July 22, 2025 8:45 PM

views 16

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। এই পুৰস্কাৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলৰ জৰিয়তে পহিলা এপ্ৰিলৰ পৰা মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহসীকতা, সমাজ সেৱা, পৰিবেশ, ক্রীড়া, কলা-সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰত ৰাষ্ট্ৰীয় ...

July 22, 2025 8:42 PM

views 16

হুলস্থূলীয়া পৰিৱেশৰ বাবে উভয় সদনৰ কাম-কাজ স্থগিত

বিৰোধী পক্ষৰ সাংসদসকলে অপাৰেছন সিন্দূৰ আৰু বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাৰ দাবীক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ দুই বজাত সদন মিলিত হোৱ...

July 22, 2025 1:29 PM

views 16

ব্ৰহ্মপুত্ৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। গুৱাহাটীত কালি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই বান্ধক ল...

July 22, 2025 1:27 PM

views 33

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

ন্যায়াধীশ আশুতোষ কুমাৰে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ আশুতোষ কুমাৰ ইয়াৰ পূৰ্...

July 22, 2025 1:24 PM

views 14

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আচৰণক কঠোৰ ভাষাৰে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আচৰণক কালি কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজনৈতিক যুঁজত তদন্তকাৰী সংস্থাটোক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্ক কৰি দি মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত এখন বিচাৰপীঠে এই কথা উল্লেখ কৰে। বিচাৰপীঠখনে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক প্ৰত্যাহ্বান জনাই ...

July 22, 2025 1:12 PM

views 14

সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে ইয়াৰ আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে। কালি আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে সংসদৰ এই অধিৱেশন আমাৰ সামূহিক প্রাপ্তি উদযাপনৰ গৌৰৱময...

July 22, 2025 1:11 PM

views 9

বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ মুদ্রাস্ফীতি নিয়ন্ত্ৰণত সফলতা লাভঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুদ্রাস্ফীতি নিয়ন্ত্ৰণত সফলতা লাভ কৰিছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে কয়। তেওঁ কয়, যে চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মজুতৰ পৰিমাণ বৃদ্ধিত গুৰুত্ব আৰোপ ...

July 22, 2025 1:09 PM

views 24

বাংলাদেশত বিমান দুর্ঘটনাত কমেও ২০গৰাকী লোকৰ মৃত্যু, ১৭১গৰাকী আহত

বাংলাদেশত কালি সংঘটিত এটা বিমান দুর্ঘটনাত চালককে ধৰি কমেও ২০ গৰাকী লোকৰ মৃত্যু আৰু ১৭১ গৰাকী আহত হয়। কালি সন্ধিয়া দেশখনৰ আন্তঃসেৱা জনসম্পৰ্কৰক্ষী বিষয়াই এই দুৰ্ঘটনাৰ কথা সদৰী কৰে। কালি দিনৰ প্ৰায় ১ বজাত বাংলাদেশ বায়ুসেনাৰ F-7 BGI প্রশিক্ষণ বিমানখনে দেশখনৰ ৰাজধানী ঢাকাৰ উত্তৰা অঞ্চলৰ মাইলষ্টন কল...

July 22, 2025 1:08 PM

views 9

বাংলাদেশত সংঘটিত বিমান দুৰ্ঘটনাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত কালি সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে এই দুৰ্ঘটনাত নিহত লোকসকল বিশেষকৈ যুৱ শিক্ষাৰ্থীসকলৰ মৃত্যুৱে তেওঁক গভীৰভাৱে ব্যথিত কৰিছে। নিহত লোকসকলৰ পৰিয়ালৰ তেওঁ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লো...

July 22, 2025 1:06 PM

views 14

নাগালেণ্ডত কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন, যাতায়াত ব্যাহত

কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন হৈছে। যোৱা দেওবাৰে ৰাজধানী কোহিমাৰ ফেচামাৰ পৰা কিছামা-কিগ্‌ৱেমা সংযোগী বিকল্প পথটোত হোৱা ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। ক্ষতিগ্রস্ত পথছোৱাত মেৰামতিৰ কাম চলি আছে। এই পথছোৱাৰে বিগত মাহত কিছামাৰ সমীপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।