ৰাষ্ট্ৰীয়

July 28, 2025 5:28 PM

views 25

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেঁচাত কমেও ২জন লোকৰ মৃত্যুৰ লগতে ১৭ জন লোক আহত

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেচাত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন লোক আহত হয়। পৱিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰৰ দিনা ভক্তসকলে মন্দিৰত দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ ম...

July 28, 2025 5:18 PM

views 30

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত যোৱা নিশা সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। অৱশ্যে ১৯ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। প্রথমটো ঘটনাত মনকোৱাল গাঁৱৰ পৰা ২৯ জন তীর্থযাত্রী কঢ়িয়াই অনা এখন বাহন লুধিয়ানাৰ ছিৰহিন্দ খালত বাগৰি পৰাৰ ফলত দুটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়...

July 28, 2025 5:15 PM

views 34

অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ৩ লাখ ৭৭ হাজাৰৰো অধিক তীর্থযাত্রীৰ যাত্রা সম্পন্ন

জম্মু-কাশ্মীৰত যোৱা ৩ জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ৩ লাখ ৭৭ হাজাৰৰো অধিক তীর্থযাত্রীয়ে যাত্রা সম্পন্ন কৰিছে৷ শ্ৰীনগৰৰ দশনামী আখাৰাৰ শ্ৰী অমৰেশ্বৰ মন্দিৰত কালি ‘ছাৰি স্থাপন’ অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ, একেটা মন্দিৰতে ‘নাগ পঞ্চমী’ উপলক্ষে ‘ছাৰী পূজন’ কৰা হব। ৪ আগষ্টৰ পৰা পবিত্র গুহা মন্দিৰ ...

July 28, 2025 10:59 AM

views 14

এনচিবিয়ে ৰাজস্থান আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ যৌথ অভিযানত ৰাজস্থানৰ বাৰ্মেৰ জিলাত আন্তঃৰাজ্যিক ড্ৰাগছ উৎপাদনকাৰী চক্ৰ উৎখাত

মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ' এনচিবিয়ে ৰাজস্থান আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি ৰাজস্থানৰ বাৰ্মেৰ জিলাৰ ঢোলাকিয়া গাঁৱত এটা আন্তঃৰাজ্যিক ড্ৰাগছ উৎপাদনকাৰী চক্ৰ উৎখাত কৰা হয়। অভিযানত চিণ্ডিকেট চক্ৰটোৰে জড়িত দুজনক কৰায়ত্ত কৰা হৈছে। এনচিবিৰ এটা সূত্ৰই জনোৱা মতে, অভিযানৰ সময়ত দলট...

July 28, 2025 10:22 AM

views 27

সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত বিশেষ আলোচনা হ'ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে পূৰ্বেই প্ৰকাশ কৰিছিল। শ্ৰীৰিজিজুৱে কয়, যে লোকসভ...

July 28, 2025 10:11 AM

views 8

অপাৰেচন সিন্দূৰ অভিযানে দেশজুৰি নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সার্বভৌমত্বক আক্ৰমণ কৰা যিকোনো শক্তিৰ বিৰুদ্ধে ভাৰতে কিদৰে প্ৰত্যুত্তৰ দিব সেই কথা অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বক দেখুৱাই দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। শ্রীমোদীয়ে কয়, যে এই সামৰিক অভিযানে দেশজুৰি নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। তামিলনাডুৰ গংগাইকোণ্ডা ছলাপুৰমত...

July 27, 2025 8:03 PM

views 18

ৰাজাৰাজা চ’ল আৰু ৰাজেন্দ্ৰ চ’লৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য থকা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ৰাজাৰাজা চ'ল আৰু ৰাজেন্দ্ৰ চ'লৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য আছে। তামিলনাডুৰ গংগাইকোণ্ডা চ'লাপুৰমত সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ দ্বাৰা আয়োজিত আদি তিৰুভাথিৰায় মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে আজি এই কথা প্ৰকাশ কৰে। মহান ৰজা ৰাজেন...

July 27, 2025 7:58 PM

views 25

লোকসভাত সোমবাৰে অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা

লোকসভাত কাইলৈ অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত বিশেষ আলোচনা হ'ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে পূৰ্বে প্ৰকাশ কৰিছিল। শ্ৰীৰিজিজুৱে কয়, যে লোকস...

July 27, 2025 7:55 PM

views 34

দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ গুৰুত্ব আৰোপ

কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। আহমেদাবাদৰ গুজৰাট বিদ্যাপীঠত আজি আয়োজিত গুজৰাট নয়ী টালিম সংঘৰ সাধাৰণ বৈঠক, ছমহীয়া সন্মিলন তথা ৰাজ্যিক পৰ্য্যায়ৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ বুনিয়াদী শ...

July 27, 2025 10:26 AM

views 17

লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে সাংসদ দিলীপ শ‍ইকীয়াকে ধৰি ১৭ জন সাংসদক সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান

লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াকে ধৰি ১৭ জন সাংসদক কালি সংসদ ৰত্ন ২০২৫ সন্মান প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা শ‍ইকীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হৈছে। বঁটা লাভ কৰা আন সাংসদসকলৰ ভিতৰত ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।