ৰাষ্ট্ৰীয়

October 8, 2025 7:03 PM

views 44

লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গৃহমন্ত্রী অমিত শ্বাহে আজি স্বাধীনতা সংগ্রামী লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে কয়, যে জয় প্রকাশ নাৰায়ণে সেই সময়ৰ দেশৰ যুৱ প্ৰজন্মক স্বৰাজ সংগ্ৰামৰ সৈতে সংযুক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি...

October 8, 2025 7:00 PM

views 54

বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে পিচপৰা আৰু উৎপীড়িত শ্ৰেণীৰ হকে আজীৱন কাম কৰা প্ৰয়াত নেতাগৰাকী নিজৰ জীৱনকালত ...

October 8, 2025 1:34 PM

views 40

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। ভাৰতক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ লক্ষ্যৰ আধাৰত শ্ৰীমোদীয়ে আজি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব। ভাৰতৰ সৰ্ববৃহৎ সেউজ ক্ষেত্ৰ বিমান বন্দৰ হিচাপে পৰিগণি...

October 8, 2025 1:32 PM

views 30

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ দুদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হয়৷ এয়া ব্ৰিটেইনৰ প্রধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈ মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিজন ২০৩৫ৰ ৰূপৰেখা ...

October 8, 2025 1:30 PM

views 31

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ চলিত বৰ্ষৰ ডিচেম্বৰত হ’বলগীয়া ইউ জি চি নেট পৰীক্ষাৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, এন টি এ-য়ে চলিত বৰ্ষৰ ডিচেম্বৰত হ'বলগীয়া ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইচ্ছুক পৰীক্ষাৰ্থীসকলে সংস্থাৰ ৱেবছাইটত থকা লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগ, ইউ জি চি-য়ে জাৰি কৰা বিবৃতি অনুসৰি ৮৫টা বিষয়ত হ'বলগীয়া এই ...

October 8, 2025 1:29 PM

views 28

২০২৬ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি বিশ্ববেংকৰ পূর্বানুমান

বিশ্ববেংকে ২০২৬ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৫ শতাংশ হ'ব বুলি পূর্বানুমান কৰিছে। ইয়াৰ পূৰ্বে জুনত বিশ্ববেংকে ভাৰতৰ বিকাশৰ হাৰ ৬ দশমিক ৩ শতাংশ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছিল। ঘৰুৱা চাহিদাৰ উল্লেখনীয় বৃদ্ধি, শক্তিশালী ৰূপত গ্রামীণ বিকাশ আৰু সংশোধিত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ইতিবাচক প...

October 8, 2025 1:27 PM

views 33

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বিগত ছেপ্টেম্বৰৰ ‘প্লেয়াৰ অৱ দা মান্থ’ বঁটাৰ বাবে মনোনীত খেলুৱৈৰ তালিকা প্রকাশ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ, আই চি চি এ-য়ে বিগত ছেপ্টেম্বৰৰ প্লেয়াৰ অৱ দা মান্থ বঁটাৰ বাবে মনোনীত খেলুৱৈসকলৰ তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি পুৰুষৰ শিতানত ভাৰতৰ অভিষেক শর্মা আৰু কুলদীপ যাদৱক মনোনয়ন দিয়া হৈছে। তালিকাখনৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে জিম্বাব’ৱেৰ ব্ৰায়ান বেনেটে স্থান লাভ কৰিছে। উ...

October 8, 2025 12:20 PM

views 28

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ৪ উইকেটত পৰাস্ত ইংলেণ্ডৰ

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে বাংলাদেশক ৪ উইকেটত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাত বাংলাদেশৰ প্ৰথম পৰাজয় আৰু ইংলেণ্ডৰ দ্বিতীয় জয়। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাংলাদেশে দুটা বল বাকী থকা অৱস্থাত...

October 7, 2025 8:17 PM

views 22

ভাৰত বিল্ডাখন-২০২৫ কাৰ্য্যসূচীৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ অহা ১১ অক্টোবৰলৈ বৃদ্ধি

শিক্ষা মন্ত্র্যালয়ে বিকশিত ভাৰত বিল্ডাখন-২০২৫ কাৰ্য্যসূচীৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ অহা ১১ অক্টোবৰলৈ বৃদ্ধি কৰিছে। দেশজুৰি প্ৰায় আঢ়ৈ লাখ বিদ্যালয়ৰ শিক্ষার্থীসকলক উদ্ভাৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে নীতি আয়োগৰ অটল উদ্ভাবনী অভিযানৰ সহযোগিতাত এই পদক্ষেপ মুকলি কৰা হৈছে। এই কাৰ্য্যসূচী হৈছে উদ্ভাবনী খ...

October 7, 2025 8:15 PM

views 23

প্ৰধানমন্ত্ৰীৰ সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ১০,৯০৭ কোটি টকাৰ ৫ লাখৰো অধিক ঋণ আবেদনত অনুমোদন

প্ৰধানমন্ত্ৰীৰ সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকসমূহে ১০ হাজাৰ ৯০৭কোটি টকাৰ ৫ লাখৰো অধিক ঋণ আবেদনত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, ঘৰৰ মুধচত সৌৰ বিদ্যুৎ উৎপাদন প্রণালী স্থাপনৰ বাবে হিতাধিকাৰীসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।