আন্তৰ্জাতিক সংবাদ

May 12, 2024 8:17 PM

views 37

নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত

ভাৰতত থকা নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ ৩৮ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত হৈছেহি। ৰাষ্ট্রদূতগৰাকীক ৰংপু সেৱা কেন্দ্ৰত স্থানীয় বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠকখন আজি...

May 12, 2024 6:37 PM

views 57

বিশ্বজুৰি মে’ মাহৰ দ্বিতীয়টো দেওবাৰটো মাতৃ দিৱস হিচাপে পালন

বিশ্বজুৰি আজি মাতৃ দিৱস পালন কৰা হৈছে। প্ৰতিবছৰে মে' মাহৰ দ্বিতীয়টো দেওবাৰত এই মাতৃ দিৱস পালন কৰা হয় । নাগালেণ্ডত শলাগ আৰু কৃতজ্ঞতাৰে মাতৃ দিৱস উদযাপন কৰা হয়। সকলো বয়সৰ লোকে মাতৃৰ প্ৰতি স্নেহ আৰু সন্মান প্ৰদৰ্শন কৰে। লগতে গীৰ্জাঘৰ সমূহত মাতৃ দিৱস উপলক্ষে বিশেষ সেৱা প্ৰদান কৰে। সকলো মাতৃকে মাতৃ দ...

May 12, 2024 12:14 PM

views 34

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ মনোনীত সদস্য

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত হৈছে। হাজৰিকা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া। আসনখনক তেওঁ বেৰ'নেছ হাজৰিকা অব কোটব্রীজ বুলি আখ্যা দিছে। হাউছ অব লর্ডছত— প্রধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত ব্ৰিটেইনৰ ৰজাই প্রতিনিধিসকলক নিয...

May 11, 2024 2:48 PM

views 47

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষত ভোটদানেৰে পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদাত সমৰ্থন ভাৰতৰ

■ ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদা প্ৰদানৰ সমৰ্থন আগবঢ়াইছে। ১৯৩ খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত এখন জৰুৰী বিশেষ অধিৱেশনৰ বৈঠকত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই এই প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱৰ সপক্ষে ১৪৩...

May 9, 2024 12:38 PM

views 39

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা বাংলাদেশ ভ্রমণসূচীৰে কালি ঢাকাত উপস্থিত

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা কালি চমু বাংলাদেশ ভ্রমণসূচীৰে ঢাকাত উপস্থিত হয়। শ্ৰীকোৱাট্রাই আজি বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্রী হাছান মাহমুদক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে শ্ৰীকোৱাট্টাৰ এই ভ্রমণ সন্দৰ্ভত সবিশেষ প্ৰকা...

May 8, 2024 8:02 PM

views 31

আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন

থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসঙ্গতিৰ বাবে তেজৰ ...

May 6, 2024 6:35 PM

views 44

পুনৰ মহাকাশলৈ উৰা মাৰিব ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্রথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্রত্যাৱর্তন হ'ব। নাছাৰ সহযোগী মহাকাশচাৰী বেৰী উইলম'ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ ...

May 5, 2024 12:46 PM

views 59

বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰা বুলি আমেৰিকা ৰাষ্ট্ৰপতিৰ দাবীক বিদেশ মন্ত্রী ড° এছ জয়শংকৰৰ নস্যাৎ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন কৰা দাবী খণ্ডন কৰিছে। এটা সংবাদ গোষ্ঠীয়ে আয়োজন কৰা এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি ড° জয়শংকৰ কয় যে, ভাৰতীয় সমাজে সদায় মুকলি চিন্তা ধাৰাৰ পৰিচয...

May 3, 2024 5:43 PM

views 41

ব্রাজিলত শেহতীয়াকৈ হোৱা বানত ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত

ব্রাজিলত শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান্ধ ভাগি পৰাত কমেও ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। দেশখনত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ কবলত পৰি প্ৰায় ১৫ হাজাৰ লোকে ঘৰ এৰি আন ঠাইত আশ্রয় লোৱাৰ লগতে বহুসংখ্যক লোক বিদ্যুৎ আৰু খোৱাপা...

May 3, 2024 12:35 PM

views 8

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

◊ চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।