আন্তৰ্জাতিক সংবাদ

October 6, 2024 11:48 AM

views 31

তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে হেমবার্গ স্থায়ী বিকাশ সন্মিলনত ভাগ ল'ব। শ্ৰী যোশীয়ে জার্মানী, লণ্ডনৰ মন্ত্ৰী আৰু আন বহু জ্যেষ্ঠ বিষয়াৰ সৈতে স্থায়ী বিকাশ, সেউজ হাইড্ৰ'জেন আৰু নৱীকৰণযোগ্য শক...

October 6, 2024 11:27 AM

views 30

পাঁচদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীলৈ আহিব মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জ

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জ আজি পাঁচদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব। এই ভ্ৰমণৰ সময়ছোৱাত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুক সাক্ষাৎ কৰিব। তেওঁ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক ক্ষেত্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ...

October 3, 2024 7:45 PM

views 19

লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ বাবে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটাৰেছে ইজৰাইল আৰু হিজবুল্লাৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ভাৰতে লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰাৰ বাবে ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত কালি সুৰক্ষা পৰিষদৰ এখন জৰুৰী বৈঠকত শ্ৰী গুটাৰেছে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বা...

October 3, 2024 7:39 PM

views 24

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন

মহাত্মা গান্ধীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই কালি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুট্টাৰেছে কয় যে ইউক্রেইনৰ পৰা ছুডান, পশ্চিম এছিয়াকে ধৰি বিভিন্ন ধ্বংসাত্মক কার্যকলাপৰ মাজতে এই দিৱস পালন কৰা হয়। তেওঁ কয় যে মহাত্মা গান্ধীয়ে অস্ত্ৰ-শস্ত্ৰৰ ক্ষমতাৰ বি...

October 2, 2024 3:45 PM

views 31

মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে ক্লডিয়া শ্বেইনবমৰ শপতগ্ৰহণ

ক্লডিয়া শ্বেইনবমে কালি মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ পূৰ্বৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি এন্ড্রেজ মেনুৱেল ল'পেজ অব্ৰেডৰৰ স্থলাভিষিক্ত হৈ তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈ অহা ৬২ বছৰীয়া শ্বেইনবমে ২০৩০ চন পর্যন্ত পৰৱৰ্তী ৬ বছৰৰ...

October 2, 2024 3:41 PM

views 42

প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপেৰে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ প্রত্যক্ষ আক্রমণ

ইৰাণে যোৱা নিশা ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ আক্রমণ সংঘটিত কৰি প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ ফলত অঞ্চলটোত যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয়। এই আক্ৰমণত ইজৰাইলৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণ আতংকগ্ৰস্ত হৈ পৰাৰ লগতে তেওঁলোকে ততাতৈয়াকৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হয়। ইৰাণে হিজবুল্লা আৰু হামাছৰ বিষয়ব...

September 30, 2024 12:15 PM

views 18

লেবাননৰ আশ্ৰয় শিৱিৰত থকা লোকৰ বাবে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ

ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সংঘৰ্ষৰ ফলত প্ৰভাৱিত ১০ লাখ লোকলৈ খাদ্য সাহায্য প্ৰদানৰ উদ্দেশ্যে বিশ্ব খাদ্য কাৰ্যসূচী-WFP-য়ে এটা জৰুৰীকালীন অভিযান আৰম্ভ কৰিছে। WFP-য়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে, সংস্থাটোৱে দেশখনৰ আশ্ৰয় শিৱিৰসমূহত থকা লোকসকলৰ বাবে ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ ক...

September 29, 2024 8:02 PM

views 19

নেপালত বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত

নেপালৰ গৃহ মন্ত্ৰ্যালয়ে প্রাকৃতিক দুৰ্যোগৰ ঘটনা, বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত হোৱা বুলি সদৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্যোগৰ ঘটনাত মধেশ ৰাজ্যত দুগৰাকী, ক'চিত ১৭ গৰাকী, বাগমাটিত ৪৫ গৰাকী আৰু কাঠমাণ্ডু উপত্যকাত ৬৮ গৰাকী লোক নিহত হৈছে। তদুপৰি ৬৪ গৰাকী লোক সন্ধানহীন হৈ থকাৰ ব...

September 27, 2024 8:06 PM

views 23

ইণ্ডোনেছিয়াত অবৈধ সোণৰ খনি খহি যোৱাত কমেও ১৫ শ্রমিকৰ মৃত্যু, ২৫ গৰাকী নিৰুদ্দেশ

ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ এটা অবৈধ সোণৰ খনি খহি যোৱাৰ ফলত কমেও ১৫ গৰাকী শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ২৫ গৰাকী শ্রমিক নিৰুদ্দেশ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰবৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ছ'লক অঞ্চলৰ নাগাৰি ছুংগাই আবুত এই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে, দুর্গত লোকসকল...

September 27, 2024 6:58 PM

views 21

ছিগেৰু ইছিবা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত

লিবাৰেল ডেম'ক্রেটিক পাৰ্টীৰ নেতা ছিগেৰু ইছিবা নিজ দলৰ নেতৃত্বৰ দৌৰত বিজয়ী হোৱাৰ পাছত জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। তেওঁ জাতীয়তাবাদী ছানায়ে তাকাইছিক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। তাকাইছিয়ে ১৯৪টা ভোট লাভ কৰাৰ বিপৰীতে ইছিবাই ২১৫ টা ভোট লাভ কৰে। অহা অক্টোবৰত সংসদ আহ্বান কৰাৰ পাছত ইছিবাই জাপানৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।