আন্তৰ্জাতিক সংবাদ

November 14, 2024 12:46 PM

views 17

দক্ষিণ প্রশান্ত মহাসাগৰৰ ছ’ল’মন দ্বীপপুঞ্জৰ সমীপত বিজ্ঞানীসকলে বিশ্বৰ সৰ্ববৃহৎ প্রবাল আৱিষ্কাৰ কৰিছে

দক্ষিণ প্রশান্ত মহাসাগৰৰ ছ’ল’মন দ্বীপপুঞ্জৰ সমীপত বিজ্ঞানীসকলে বিশ্বৰ সৰ্ববৃহৎ প্রবাল আৱিষ্কাৰ কৰিছে। এখন ফুটবল পথাৰৰ সমান আয়তনৰ এই বৃহৎ প্রবাল ডোখৰৰ বয়স তিনিশ বছৰৰো অধিক বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। বিভিন্ন ক্ষুদ্র ক্ষুদ্র প্রবালৰ সমষ্টি এই বৃহৎ প্রবাল খণ্ডটো এই বছৰ অক্টোবৰ মাহত চলোৱা এটা অভিযান...

November 14, 2024 12:34 PM

views 15

ব্ৰিটিছ উপন্যাসিক ছামান্থা হার্ভেলৈ সন্মানীয় বুকাৰ বঁটা

ব্ৰিটিছ উপন্যাসিক ছামান্থা হার্ভেলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। মহাকাশচাৰীৰ কক্ষপথত এদিনৰ অভিজ্ঞতাক লৈ ৰচনা কৰা বৈজ্ঞানিক কল্প কাহিনীৰে সমৃদ্ধ দা অৰবিটেল নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। ৪৮ বছৰীয়া উপন্যাসিকগৰাকীৰ ‘দা অৰবিটেল’ সপ্তমখন উপন্যাস। ব্রিটেইন আৰু আয়াৰলেণ্ডত প্রক...

November 12, 2024 8:14 AM

views 31

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ‍

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ‍ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, শক্তি তথা যোগাযোগকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত- বিনিময় কৰে। সাক্ষাৎকালত শ্ৰী মোদীয়ে উভয় দেশৰ মাজত থকা বিশেষ কৌশ...

November 11, 2024 11:50 AM

views 20

আজাৰবাইজানত আজি ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন

ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ' পি ২৯ আজি আজাৰবাইজানৰ বাকুত আৰম্ভ হ'ব। বিত্তীয় চি অ' পি হিচাপে খ্যাত ১৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে পৰৱৰ্তিত জলবায়ুৰ প্রভাৱে ক্ষতিগ্রস্ত কৰা দেশসমূহৰ বাবে নতুন জলবায়ু বিত্তৰ লক্ষ্যত উপনীত হোৱাৰ হকে বিশেষ গুৰুত্ব আৰোপ...

November 10, 2024 8:09 PM

views 22

নৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

INS Vela, arrived in Colomboনৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে আজি কলম্বোত উপস্থিত হয়। শ্ৰীলংকাৰ নৌবাহিনীয়ে চাবমেৰিনখন আনুষ্ঠানিকভাৱে আদৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ নৌবাহিনীৰ বিষয়া তথা চাবমেৰিনখনৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন দলীয় অনুশীলন কৰা হয়। থলুৱা কলৱৰি শ্ৰেণীৰ ডিজেল, বৈদ্যু...

November 10, 2024 12:05 PM

views 20

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে’ল ষ্টেচনত সংঘটিত বোমা বিস্ফোৰণত ২৫ জন লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে'ল ষ্টেচনত কালি হোৱা বোমা বিস্ফোৰণত কমেও ২৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ৫০ জন আহত হয়। বেলুচিস্তান লিবাৰেছন আর্মী নামৰ বিচ্ছিন্নতাবাদী গোটে এখন ৰে'লগাড়ী কৱেটা ষ্টেচনৰ পৰা পেছাৱৰ অভিমুখে ৰাওনা হ'বলৈ ওলোৱাৰ সময়ত সংঘটিত এই আত্মঘাটী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। ...

November 10, 2024 11:54 AM

views 20

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্র প্রত্যক্ষ প্রবাহ ভিছা এচ ডি এছ কানাডা প্ৰত্যাহাৰ

কানাডাই ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্র প্রত্যক্ষ প্রবাহ ভিছা এচ ডি এছ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এছডিএছ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধ্যয়নৰ বাবে অনুমতি বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা মূল পথ। দেশখনত গৃহ নিৰ্মাণৰ নাটনি আৰু সম্পদৰ টান দূৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্...

November 6, 2024 8:04 PM

views 23

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পৰ বিজয় সুনিশ্চিত

ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত বিজয় সুনিশ্চিত কৰিছে। শ্ৰীট্টাম্পে ডেম'ক্রেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছৰ বিৰুদ্ধে ব্যাপক অগ্রগতি লাভ কৰিছে। জয় নিশ্চিত হোৱাৰ পাছত শ্ৰীট্টাম্পে এইদৰে কয় : বাইট পৰিৱৰ্তিত ঘটনাক্ৰমৰ সংকেত লাভ কৰাৰ পাছত কমলা হেৰিছে হাৱাৰ্ড বিশ্ববিদ্...

November 5, 2024 8:54 PM

views 40

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ হৈ ডোনাল্ড ট্রাম্প আৰু ডেমক্রেটিক দলৰ হৈ কমলা হেৰিছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ডোনাল্ড ট্রাম্পে মিচিগান চহৰত আৰু কমলা হেৰিছে পেঞ্চিলভেনিয়াত নিজৰ প্ৰচাৰ অভিযান...

November 4, 2024 8:13 PM

views 10

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।