আন্তৰ্জাতিক সংবাদ

September 5, 2025 11:32 AM

views 28

পাশ্চাত্যৰ ২৬ খন দেশে ইউক্রেইনত সৈন্যবাহিনী নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে

পাশ্চাত্যৰ ২৬ খন দেশে ৰাছিয়াৰ সৈতে হোৱা সংঘাত শেষ হোৱাৰ পাছত ইউক্রেইনত জল, স্থল বা আকাশী পথেৰে সৈন্য নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে। ইউক্রেইনক সমৰ্থন কৰা ৩৫খন দেশৰ সন্মিলনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রই এই ঘোষণা কৰে ৷ শ্রীমেক্রই কয় যে ইয়াৰে ২৬খন দেশে ইউক্রেইনত সৈন্য নিয়োগ কৰিবলৈ নাইবা...

September 4, 2025 12:01 PM

views 2

ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে

● আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কালি ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কৰ বিষয়ে পুনৰ সমালোচনা কৰাৰ পিছত আমেৰিকাৰ সংবাদ মাধ্যমসমূহে কৈছে যে, ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে। দ্যা ৱাল্ ষ্ট্ৰীট জাৰ্ণেলে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতত আমেৰিকাৰ শুল্কৰ প্ৰভা...

September 3, 2025 8:31 PM

views 7

পাকিস্তানত যাত্রীবাহী বাহনলৈ অচিনাক্ত দুর্বৃত্তৰ গুলীচালনাত কমেও ছজন লোকৰ মৃত্যু

পাকিস্তানৰ উত্তৰ-পশ্চিমৰ খাইবাৰ পখতুনখোৱা প্রদেশত আজি অচিনাক্ত দুর্বৃত্তই এখন যাত্রীবাহী বাহনলৈ মুকলিকৈ গুলীচালনা কৰাৰ ফলত কমেও ছজন লোকৰ মৃত্যু হয়। স্থানীয় আৰক্ষীয়ে জনোৱা মতে যাত্রীভর্তি বাহনখনে দাৰাদাৰৰ পৰা ছাদ্দা অভিমুখে গৈ থকা অৱস্থাত আফগানিস্তান সীমান্তৰ কুৰাম জিলাৰ মহুৰাৰ সমীপত সন্দেহযুক্ত সন্ত...

September 2, 2025 8:37 PM

views 52

আফগানিস্তানৰ পূব প্ৰান্তত হোৱা ভূইকঁপত ১,১২৪ লৈ বৃদ্ধি

আফগানিস্তানৰ পূব প্ৰান্তত দেওবাৰে অহা ৬ প্ৰাৱল্যৰ ভূইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ১২৪লৈ বৃদ্ধি পাইছে আৰু ৩ হাজাৰ ২৫১ জন লোক আহত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ভূঁইকঁপৰ ফলত ৮ হাজাৰৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধ্বংস হৈছে। ইয়াৰে অধিকাংশ বাসগৃহ কুনাৰ প্ৰদেশৰ। সাহায্য আৰু উদ্ধাৰক...

September 1, 2025 8:43 PM

views 10

পাকিস্তান সেনা বাহিনীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত কমেও ৫ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ গিলগিট বালিস্তানৰ ডিয়ামাৰ জিলাত আজি এখন পাকিস্তান সেনা বাহিনীৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ৫ গৰাকী লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি নতুনকৈ নিৰ্মাণ কৰা হেলিপেডত অৱতৰণৰ পৰীক্ষা কৰাৰ সময়ত এই দুৰ্ঘটনা হয়। কৰ্তৃপক্ষসমূহে কাৰিকৰী কাৰণত এই ঘটনা হয় বুলি জানিবলৈ দিছে।

August 31, 2025 10:37 AM

views 14

ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ তিয়ানজিনত উপস্থিত

চীনৰ তিয়ানজিনত আজিৰে পৰা ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি তিয়ানজিনত উপস্থিত হয়। এই দুদিনীয়া সন্মিলনত বিগত ২৫ বছৰত সংস্থাৰ সাফল্যৰ পৰ্যলোচনা কৰা হ'ব আৰু এটা ১০ বছৰীয়া উন্নয়ন আঁচনি...

August 29, 2025 2:37 PM

views 31

আফগানিস্তানক গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

● আফগানিস্তানত ২ কোটি ২০ লাখ লোকক সম্প্ৰতি সাহায্যৰ প্ৰয়োজন হোৱাৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই দেশখন গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়াই দিছে। সংস্থাটোৱে শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰা মতে পুঁজিৰ সংকটৰ ফলস্বৰূপে দেশখনত স্বাস্থ্য প্রতিষ্ঠান বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভ...

August 28, 2025 9:31 PM

views 31

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ সংঘটিত হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি কাগোছিমা আৰু মিয়াজাকিৰ মাজেৰে স্থানীয় সময়মতে পুৱা ৪ বাজি ৫৩ মিনিটত এই আগ্নেয়গিৰিৰ উদ্গীৰণ হয়। সংস্থাটোৱে লেভেল 3 ৰ এলাৰ্টেৰে স্থানীয় লো...

August 28, 2025 8:58 PM

views 18

২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে জনোৱা অনুসৰি ২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় সমাজক এই জৰুৰীকালীন সময়ত সহায় কৰিবলৈ আহ্বান জনায়। ১ চেপ্তেম্বৰৰ ভিতৰত পাকিস্তানে ১০ লাখতকৈ অধিক আফগান শৰণাৰ্থীক বিতাড়িত কৰ...

August 20, 2025 9:07 PM

views 25

আফগানিস্তানৰ হেৰাট প্ৰদেশত সংঘটিত পথ দুৰ্ঘটনাত ৭৯জন লোকৰ মৃত্যু

আফগানিস্তানৰ হেৰাট প্ৰদেশত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত বৰ্তমানলৈ ৭৯জন লোকৰ মৃত্যু হৈছে। এখন যাত্রীবাহী বাছ, মটৰ চাইকেল আৰু মিনি ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত শিশু, মহিলা আৰু ইৰাণৰ পৰা উভতি অহা বহু আফগান শৰণাৰ্থী দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ পাছতেই বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত বহু লোকৰ ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।