November 22, 2024 8:04 PM | carrier counciling

printer

জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এলানি কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্যৰ যুৱশক্তিৰ দক্ষতা বৃদ্ধি আৰু বিভিন্ন ধৰণৰ দক্ষতা সম্পৰ্কীয় নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এলানি কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ অধীনত জিলা নিয়োগ বিনিময় কেন্দ্ৰ আৰু আদৰ্শ কেৰিয়াৰ কেন্দ্ৰই এই কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত দক্ষতা, নিয়োগ আৰু উদ্যমীতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত গুৱাহাটীৰ শিক্ষাৰ্থীক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰু ভৱিষ্যত কেৰিয়াৰ সম্বন্ধে পৰামৰ্শ আগবঢ়োৱা হয়।