December 17, 2025 1:00 PM | cacher

printer

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কাছাৰ জিলা প্রশাসনৰ

কাছাৰ জিলা প্রশাসনে জনসাধাৰণ সুৰক্ষা আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নির্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ’বলগীয়া এই নির্দেশ অনুসৰি সীমান্তৰ ১ কিলোমিটাৰ এলেকাত সূর্যাস্তৰ পৰা সুর্যোদয়লৈকে জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নদীৰ জলপথ আৰু নৈপৰীয়া অঞ্চলসমূহত চলাচল যাতায়ত আৰু মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ আৰোপ কৰা হৈছে। একেদৰে সীমামুৰীয়া পাঁচ কিলোমিটাৰ এলেকাত নিশাৰ ভাগত চেনি, চাউল, ঘেঁহ আৰু খোৱা তেলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰী পৰিবহনতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চৰকাৰী কামত নিয়োজিত কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে।