ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2025 7:27 PM | Cachar

printer

কাছাৰত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে যোৱা ২৪ ঘণ্টাত অভিযান চলাই জিলাখনত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে শিলচৰৰ লিংক ৰোডৰ পৰা পংকজ চৌধুৰী আৰু কালাইনৰ পৰা সুবীৰ চৌধুৰী নামৰ চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে। এই লোক দুজনে দীৰ্ঘদিন ধৰি চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল। যোৱা মাহত আৰক্ষীয়ে ছজন এনে ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই প্ৰকাশ কৰে। লোক দুজনৰ পৰা ভালেসংখ্যক আপত্তিজনক নথিপত্র জব্দ কৰা হৈছে।