মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কালি ৰাজ্যবাসীৰ সৰ্বাংগীণ কল্যাণৰ হকে বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি ৰোৱা ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্লবৰুৱাক লৈ এখন উপ-সমিতি গঠন কৰা হয়। এই উপ-সমিতিয়ে এমাহৰ ভিতৰত প্ৰাদেশিকীকৰণ সন্দৰ্ভত মন্ত্রীসভাত প্রতিবেদন দাখিল কৰিব। অংগনৱাড়ী কর্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বেতন বৃদ্ধিৰ বিষয়টো পর্যালোচনা কৰাৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত আন এখন উপ-সমিতি গঠন কৰা হয়। ৰাজ্যিক মন্ত্রীসভাই ডিব্ৰুগড় জিলাৰ প্ৰস্তাৱিত দেওখালী বনভূমিক ৰাজহ গাঁৱলৈ পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি এই বনভূমিত দীর্ঘ সময় ধৰি বসবাস কৰি থকা লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাট আৰু ডিব্ৰুগড় জিলাত দুগ্ধ সংশোধন আৰু সংশাধনৰ বাবে ১৫০ কোটি টকা ব্যয়ৰে দুটা কেন্দ্ৰ স্থাপনত মন্ত্রীসভাই অনুমোদন দিয়ে। মন্ত্রীসভাই লগতে ধেমাজি আৰু কাছাৰতো দুটা গাখীৰ সংশোধন কৰিব পৰা কেন্দ্ৰ স্থাপন কৰিবলৈ দুগ্ধ উন্নয়ন বিভাগক নির্দেশ দিয়ে। তদুপৰি দুগ্ধ উৎপাদকসকলৰ আয় বৃদ্ধিত অৰিহণা যোগাবলৈ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে উৎপাদিত সামগ্রী বিক্রী কৰা দুগ্ধ উৎপাদকসকলক প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে প্রতি লিটাৰত ৫ টকাকৈ ৰাজসাহায্য প্রদানৰ আঁচনিত অনুমোদন জনোৱা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা মিছন বসুন্ধৰাৰ অধীনত ভূমি পট্টাৰ বাবে ধর্মীয় আৰু ৰাজহুৱা অনুষ্ঠানসমূহৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। চাহ পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰতো মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচা আৰু শোণিতপুৰৰ দুৰুং চাহ বাগিচা চাহ পর্যটন প্রকল্প গঢ়ি তোলাৰ বাবে মন্ত্রীসভাই অনুমোদন জনাইছে।
Site Admin | January 11, 2025 1:37 PM | cabinet meeting assam cm himanta biswa
২০০৬ চনৰ পূৰ্বে স্থাপিত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত
