ডাউনলোড
মোবাইল এপ

android apple
signal

September 10, 2025 11:33 AM | assam cabinet meeting

printer

১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন কঠোৰভাৱে বলৱতৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ১০ দিনৰ ভিতৰত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি জিলা আয়ুক্তই বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকে এই বিষয়ত ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনৰ অধীনত প্ৰস্তুত কৰা কাৰ্যবিধিত অনুমোদন জনাইছে। নতুন কার্যবিধি অনুসৰি যদি জিলা আয়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেন্তে সেই ব্যক্তিজনক ১০ দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিব পাৰিব। যদি ব্যক্তিজনে ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ পৰ্যাপ্ত তথ্য দাখিল কৰিব নোৱাৰে তেন্তে জিলা আয়ুক্তই নিজা মতামত নথিভুক্ত কৰিব পাৰিব। তদুপৰি ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনৰ ২ নম্বৰ (ক) ধাৰা অনুসৰি জিলা আয়ুক্তই অনুপ্ৰৱেশকাৰীজনক ২৪ ঘণ্টাৰ সময় দি বহিষ্কাৰৰৰ নিৰ্দেশ দিব পাৰিব। যদি জিলা আয়ুক্তৰ নিৰ্দেশনাৰ পাছতো অনুপ্ৰৱেশকাৰী ব্যক্তি নিজে আঁতৰি নাযায়, তেন্তে আয়ুক্তই সংশ্লিষ্ট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহায়ত অনুপ্ৰৱেশকাৰীজনক শিবিৰত ৰখাৰ ব্যৱস্থা কৰিব পাৰিব। অথবা সমীপৱৰ্তী সীমান্তৰক্ষী বাহিনীক গতাই দিব পাৰিব। কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই এখন সংবাদমেল সম্বোধন কৰি কয়, যে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়ৰ ওপৰত ভিত্তি কৰি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থা একাষৰীয়া কৰি ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়াটো দ্ৰুত হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এন আৰ চিত কোনো লোকৰ নাম থাকিলেই তেওঁ স্বদেশী হয় নাযায় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে এন আৰ চিৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণিত নহ’ব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখনৰ সৈতে এন আৰ চিৰ কোনো সম্পৰ্ক নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।