October 7, 2025 8:00 PM | Cbainet meeting

printer

ৰে’ল বিভাগৰ চাৰিটা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২৪ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হবলগীয়া ৰেল বিভাগৰ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্রকল্পসমূহৰ ভিতৰত ভূচাৱাল-বৰ্ধা তৃতীয় আৰু চতুর্থ লাইন, গোন্দিয়া-দনগৰৰ্গঢ় চতুর্থ লাইন, বডোডৰা-ৰাটলাম তৃতীয় আৰু চতুর্থ লাইন তথা ইটার্জী-ভূপাল-বিনা চতুর্থ লাইন উল্লেখযোগ্য। কেইবাশৰীয়া ৰেল লাইন নির্মাণৰ এই প্ৰকল্পৰ অধীনত মহাৰাষ্ট্ৰ, মধ্য প্রদেশ, গুজৰাট আৰু ছত্তিশগড়ৰ ১৮ খন জিলাক সামৰি লোৱা হব। তদুপৰি, এই প্রকল্পসমূহৰ জৰিয়তে দেশৰ ৰেল নেটৱৰ্ক ৮৯৪ কিলোমিটাৰ বৃদ্ধি হব।

নতুন দিল্লীত আজি আয়োজিত কেবিনেট বৈঠকৰ অন্তত তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, এই প্রকল্পসমূহৰ অধীনত নিৰ্মাণ হবলগীয়া ৰেল লাইনৰ মুঠ দৈর্ঘ্য হৈছে, এহেজাৰ ৬১৯ কিলোমিটাৰ। তেওঁ কয়, যে এই পদক্ষেপৰ জৰিয়তে প্রায় ৩ হাজাৰ ৬৩৩ খন গাঁৱলৈত শোকৰ ছাঁ পৰিছে।

যোগাযোগ ব্যৱস্থা ত্বৰান্বিত হব। এই গাঁওসমূহৰ জনসংখ্যা ৮৫ লাখতকৈও অধিক বুলি তেওঁ প্রকাশ কৰে। শ্রীবৈষ্ণবে কয়, যে ৰেল লাইনৰ সম্প্ৰসাৰণে যাতায়াতৰ সুচলতা বৃদ্ধি কৰাৰ লগতে ভাৰতীয় ৰেল বিভাগৰ কাৰ্য্য-কুশলতা তথা নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।