ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 12:02 PM | Cabinet Decesion

printer

৪ হাজাৰ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত ৪ হেজাৰ ২৫০ কোটি টকা আৱণ্টনত অনুমোদন জনাইছে। ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিমৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে চাৰি হাজাৰ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত অনুমোদন জনায়। ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে তিনি হাজাৰ কোটি টকাত অনুমোদন জনোৱা হৈছে। একেদৰে বিদ্ৰোহী সংগঠন ডি এন এল এ আৰু ডিমাচা পিপলছ ছুপ্ৰিম কাউন্সিলৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ আৱণ্টনত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি এইদৰে কয়। ৰাজ্যখনৰ আদিবাসী বসতিপ্ৰধান গাওঁসমূহৰ উন্নয়নৰ বাবেও মন্ত্ৰীসভাই ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। একেদৰে ত্ৰিপুৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজিৰ অধীনত ২৫০ কোটি টকা আৱণ্টন দিছে। 

কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজলা যোজনাৰ হিতাধিকাৰীসকললৈ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ১২ হাজাৰ কোটি টকা ৰাজসাহায্য প্ৰদানত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ১০ কোটি ৩৩ লাখৰো অধিক পৰিয়াল উপকৃত হব বুলি শ্ৰী বৈষ্ণৱে প্ৰকাশ কৰে।

ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ মন্ত্ৰীসভাই ৩০  হাজাৰ কোটি টকাৰ ক্ষতিপূৰণত অনুমোদন দিছে। ৩ টা ৰাজহুৱা খণ্ডৰ তৈল বিপনন কোম্পানী আই অ চি এল, বি পি চি এল  আৰু এইচ পি চি এললৈ এই ধনৰাশি আৱণ্টন দিয়া হব। তদুপৰি কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে ৪ হাজাৰ ২০০ কোটি টকা আৱণ্টনতো কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।