দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত শ্রদ্ধাঞ্জলি শীর্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰা হয়। এই শ্রদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত অধ্যয়নৰত অথবা কৰ্মৰত লোকৰ মৃত্যু হ‘লে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ বিশেষ শাখাই এই আঁচনিখনৰ তদাৰকৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ভুক্তভোগী পৰিয়ালে এই আঁচনিৰ বাবে ১১২ নম্বৰত ফোন কৰি আৰক্ষীৰ বিশেষ শাখাৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৱশ্যে ব্যক্তিগতভাৱে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈ মৃত্যু হোৱা লোকে এই আঁচনিৰ সুবিধা লাভ নকৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | June 23, 2025 11:57 AM | Cabinet meeting
মন্ত্রীসভাৰ বৈঠকত শ্রদ্ধাঞ্জলি শীর্ষক এখন বিশেষ আঁচনি গ্ৰহণ
