ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 5, 2025 11:53 AM | Cabinet

printer

৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যৰ মন্ত্রীসভাই ৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্রীসভাই বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি তিনিচুকীয়াত মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় অসম আৰু ছিপাঝাৰত এডটেক দক্ষতা বিশ্ববিদ্যালয় অসম নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ সিদ্ধান্ত লয়। দিশপুৰত কালি বিয়লি অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ৰাজ্যখনক আকর্ষণীয় ঔদ্যোগিকস্থলী হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্রীসভাই অসম বৈদ্যুতিন প্রণালী আৰ্হি আৰু নিৰ্মাণ নীতি ২০২৫, আৰু অসম ভেষজ আৰু চিকিৎসা সঁজুলি নীতি ২০২৫ ত অনুমোদন দিছে বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্যৰ অভিযান্ত্রিক পাঠ্যক্রম সম্পূর্ণ কৰা যুৱক-যুৱতীসকলক লোক নির্মাণ বা জলসম্পদ বিভাগত ঠিকাৰ বাবে নিবিদা দাখিল কৰিব পৰাকৈ প্ৰয়োজনীয় চৰ্তাৱলী শিথিল কৰাৰ বাবেও মন্ত্রীসভাই সিদ্ধান্ত লয়।