নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্রীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্রামৰ ৪০ বছৰীয়া এগৰাকী মহিলাক CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে ২০০৭ চনত চিকিৎসাৰ বাবে আহি শ্রীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছিল। ২০১৯ চনত CAA- গৃহীত হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰি দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি লাভ কৰে। আনহাতে, শিলচৰৰ এজন ৬১ বছৰীয়া এজন ব্যক্তিও CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।
Site Admin | December 13, 2025 9:18 PM | caa sribhumi
নাগৰিকত্ব সংশোধনী আইনৰ অধীনত বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ