September 3, 2025 8:10 PM | CAA

printer

নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন নির্দেশনা জাৰি

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুন নির্দেশনা জাৰি কৰিছে। এই অনুসৰি আৱেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই আইনৰ অধীনত ভাৰতত আশ্রয় গ্রহণ কৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৱে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আগেয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিছিল।