দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে কালি অনুষ্ঠিত নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে। বিৰোধী আই এন ডি এৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০টা ভোট লাভ কৰাৰ বিপৰীতে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৪৫২টা ভোট লাভ কৰি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয়। কালি দিনৰ ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্রহণ হোৱাৰ পাছত সন্ধিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে চি পি ৰাধাকৃষ্ণনক অভিনন্দন জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীৰাধাকৃষ্ণনৰ দশকজোৰা চহকী অভিজ্ঞতাৰে পুষ্ট ৰাজহুৱা জীৱনে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। তেওঁৰ কাৰ্যকাল সফলতাৰে পৰিপূৰ্ণ হোৱাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে। এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্ৰতিনিধিত্বৰ আধাৰত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে ৫৪২ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৩৯। দুয়োখন সদনৰ মুঠ ৭৮১ গৰাকী সদস্যৰ ৭৬৭ গৰাকীয়ে বেলটৰ জৰিয়তে ভোটদান কৰে। ইয়াৰে ৭৫২টা ভোট বৈধ আৰু ১৫টা ভোট অবৈধ বুলি ঘোষণা কৰা হয়।
Site Admin | September 10, 2025 12:06 PM | C P Radhakrishnan to be the 15th Vice President of India
দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন
