October 7, 2025 8:03 PM | C.P. radhakrisnan

printer

ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে চি পি ৰাধাকৃষ্ণণৰ বৈঠক

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণ আজি ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। যোৱা মাহত ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে শ্ৰীৰাধাকৃষ্ণণৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে প্ৰথমখন বৈঠক। বৈঠকত ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ লগতে সদনৰ কাম-কাজ বিঘ্নিত নোহোৱাকৈ বিতর্ক অনুষ্ঠিত কৰাৰ বাবে সদস্যসকলৰ দিহা-পৰামৰ্শ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যসভাৰ নেতা জে পি নড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু ড০ এল মুৰুগন, কংগ্ৰেছ নেতা প্রমোদ তিৱাৰী, ডি এম কে নেতা তিকচী শিৱা, এছ পি নেতা ৰাম গোপাল যাদৱ, চি পি আই এমৰ জন ব্রিটাছ, অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আম আদমী পাৰ্টীৰ সঞ্জয় সিং, আৰ এল এমৰ উপেন্দ্ৰ কুশ্বাহা আৰু অন্য ৰাজনৈতিক দলৰ সদস্যসকল বৈঠকত উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।