ভাৰতৰ তনভি শৰ্মা বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত

ভাৰতৰ তনভি শৰ্মা বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্ব শাখাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বু ৱেন জিঙৰ হাতত ১৩-২১, ২১–১৯, ১৫-২১ গেমত পৰাভূত হয়। একেদৰে, ভাৰতৰ আন এগৰাকী খেলুৱৈ আলিছাও চীনৰে ডাই কিন য়িৰ হাতত ১৮-২১, ১৯-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। তনভীয়ে কালি মহিলাৰ ১৯ বছৰ অনুৰ্দ্ধৰ ছিংগলছত জাপানৰ নীনা মাটছুটাক ২১–১৮, ২১-১৩ গেমত পৰাস্ত কৰে। একেদৰে আলিছাই এই একেই শিতানত মালয়েছিয়াৰ লিম ঝি শ্বিনক ২১-১৭, ২১-১৭ গেমত পৰাভূত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।