January 2, 2026 11:28 AM | Awashini Biashnav

printer

আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্রেইন ১৫ আগষ্ট, ২০২৭ ৰ পৰা চলাচলৰ সম্ভাৱনা

দেশত অহা বছৰ ১৫ আগষ্টৰ পৰা বুলেট ট্রেইন চলাচলৰ সম্ভাৱনা আছে বুলি ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্রেইন প্রকল্প নির্মীয়মান অৱস্থাত আছে। তেওঁ কয়, যে এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত চুৰাট-বিলিম’ৰা সংযোগী পথচোৱা মুকলি কৰা হ’ব আৰু ইয়াৰ পাছতে বাপীৰ পৰা চুৰাট সংযোগী দ্বিতীয় পৰ্যায়ৰ পথচোৱা উদ্বোধন কৰা হ’ব।

ৰে’লমন্ত্ৰীগৰাকীয়ে লগতে গুৱাহাটী আৰু কলকাতাৰ মাজত ভাৰতীয় ৰে’লৰ নৱতম সংযোজন- বন্দে ভাৰত শ্লীপাৰ ৰে’ল সেৱা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী ১৫-২০ দিনৰ ভিতৰত এই ৰে’লসেৱা মুকলি কৰিব।

উল্লেখযোগ্য যে, ২০২৩ চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰে’ল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰে’ল মন্ত্রালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লীপাৰ সেৱাৰ স্পীড ট্রায়েল সম্পন্ন কৰিছে আৰু এই ট্রায়েলত ৰে’লগাড়ীখনে ঘণ্টাত সর্বোচ্চ ১৮০ কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে।