বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ এদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপি, কংগ্ৰেছ, ইউ পি পি এল আৰু বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নির্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতৃত্বই ভোটদাতাক বিভিন্ন প্ৰকাৰে আকৰ্ষণৰ চেষ্টা চলাইছে। বিজেপিৰ হৈ দলটোৰ শীর্ষ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বাক্সা আৰু ওদালগুৰি জিলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল‘ব। জিলাখনত আজি ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱেও দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ পশ্চিমবংগ তৃণমূল যুব কংগ্ৰেছৰ সভানেত্রী তথা সাংসদ সায়নী ঘোষে চিৰাঙত প্ৰচাৰ চলাব। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ বিভিন্ন স্থানতো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী পীযূষ হাজৰিকাক লগত লৈ জিলাখনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। অহা ২২ ছেপ্তেম্বৰত হ‘বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সাজু হৈ উঠিছে। নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবেও প্রশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | September 19, 2025 12:47 PM
বিটিআৰত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত
