ডাউনলোড
মোবাইল এপ

android apple
signal

September 6, 2025 9:13 PM | btr election

printer

বি টি আৰৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ

 

বি টি আৰৰ ৪০ টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ইয়াৰ আগেয়ে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বাক্সা জিলাৰ ককলাবাৰীত আজি বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি কমেও ৫০ জন লোকে দলত যোগ দিয়ে। জিলাখনৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ঘোড়ামাৰাতো ইউ পি পি এলৰ এখন যোগদান সভা অনুষ্ঠিত হয়।

বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অহোপাত আজি গণ সুৰক্ষা পাৰ্টীৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত বি পি এফ আৰু ইউ পি পি এল দলৰ কেইবাগৰাকীও সদস্যই দলটোত যোগ দিয়ে। ইপিনে, বিটিচি নিৰ্বাচনত বিজেপিয়ে ৩০ খন আসন জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই প্ৰকাশ কৰিছে। এইবাৰ বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত ৩০টা সমষ্টিত প্ৰাৰ্থী দিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এই নিৰ্বাচনত দলটোৱে চৰকাৰ গঠনৰ লক্ষ্যৰে আগবাঢ়িছে।

ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত পাঁচখন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওডালগুৰি জিলাত অহা ২২ ছেপ্তেম্বৰৰ দিনটো নেগ চিয়েবল ইন্‌ট্রুমেণ্টচ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।