ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 2, 2025 8:33 PM | btr election

printer

ছেপ্তেম্বৰৰ তৃতীয় সপ্তাহৰ ভিতৰত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্তেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টি-ভিত্তিত অনুষ্ঠিত এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে বি টি আৰত এইবাৰ বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। বিজেপিয়ে ২৫ আগষ্টৰ পাছত সমষ্টি-ভিত্তিত প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব বুলি তেওঁ কয়। বিগত পাঁচ বছৰত বি টি আৰত শান্তি স্থাপন হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।