বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰিব যদিও ইউ পি পি এলৰ সৈতে মিত্ৰতাসূচক দৃষ্টিভংগী অব্যাহত থাকিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োটা দলে অকলে এই নিৰ্বাচনত অৱতীৰ্ণ হ’ব যদিও পৰস্পৰক সমালোচনাৰ পৰা বিৰত থাকিব। যোৱাবাৰৰ নিৰ্বাচনত বিজেপিয়ে ২৫টা সমষ্টিত প্রার্থী দিছিল আৰু এইবাৰো কমেও ২৫ টা সমষ্টিটে প্রতিন্দ্বন্দ্বিতা কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বি টি আৰৰ নিৰ্বাচন পৰিচালনাৰ বাবে গঠন কৰা সমিতিখনে অহা সপ্তাহত বি টি আৰ ভ্ৰমণ কৰি প্ৰতিবেদন দাখিল কৰিব। এই প্রতিবেদনৰ দ্বাৰা বিজেপি কিমানটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ শক্তিশালী সেই বিষয়ে তথ্য পোৱা যাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
Site Admin | May 20, 2025 12:19 PM | BJP
বিটিআৰ নিৰ্বাচনত ইউ পি পি এলৰ সৈতে বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব বুলি মুখ্যমন্ত্রীৰ প্রকাশ
