বিটিচি নিৰ্বাচনৰ বাবে ৪০টা সমষ্টিত ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ঘোষণা কৰা হৈছে। চিৰাং জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত জিলাখনৰ চিৰাং দুৱাৰ সমষ্টিত নিৰ্দলীয় প্রার্থী হিচাপে প্রার্থিত্ব প্ৰদান কৰা চাংগ্ৰা ব্ৰহ্মৰ মনোনয়ন পত্র নাকচ কৰে। ইউ পি পি এল দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক চাংগ্ৰা ব্ৰহ্মই দলৰ হৈ প্রার্থিত নোপোৱাত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছিল। জিলাখনত বৰ্তমানলৈ চিৰাং আৰু চিৰাং দুৱাৰ সমষ্টিত ৭ জন প্রার্থীৰ মনোনয়ন পত্র বৈধ হোৱাৰ লগতে কাজলগাঁও সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হিচাপে বিবেচিত হৈছে।
খৈৰাবাৰীত মুঠ ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। একেদৰে ভেৰগাঁও জনজাতি সংৰক্ষিত পৰিষদীয় সমষ্টিত ৯ গৰাকী, ননৈ চেৰফাং অ-জনজাতি সংৰক্ষিত সমষ্টিত ৬ গৰাকী, খালিং দুৱাৰ জনজাতি সংৰক্ষিত সমষ্টিত ৭ গৰাকী, মুদৈবাৰী সমষ্টিত ১০ গৰাকী, হৰিশিঙা জনজাতি সংৰক্ষিত সমষ্টিত ৫ গৰাকী, ধনশিৰি জনজাতি সংৰক্ষিত সমষ্টিত ৬ গৰাকী, ভৈৰৱকুণ্ড জনজাতি সমষ্টিত ৮ গৰাকী, পাঁচনৈ ছেৰফাং অ-জনজাতি সংৰক্ষিত সমষ্টিত ৭ গৰাকী আৰু ৰৌতা জনজাতি সংৰক্ষিত সমষ্টিত ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হৈছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ ৫টা সমষ্টিত মনোনয়ন পত্র দাখিল কৰা মুঠ ৫৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে । উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।