সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ইউনাইটেড পিপ’ল্ছ পাৰ্টী লিবাৰেচন চমুকৈ ইউ পি পি এলে পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে পৰিষদৰ মুঠ ৪০ টা সমষ্টিৰ ভিতৰত ১৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। চিৰাং জিলাৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে।
পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিকে ধৰি বি পি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ডৰ কেইবাটাও স্থানত ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে বিজেপিৰ কেইবাজনো মন্ত্রী-বিধায়কে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে, নিৰ্বাচনৰ বাবে বি পি এফ দলেও তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। বি পি এফ দলে পৰিষদীয় নিৰ্বাচনৰ বাবে কিছু দিন পূৰ্বে দলৰ ২২ গৰাকী প্ৰাৰ্থীৰ নাম প্রথমখন তালিকাত প্ৰকাশ কৰিছিল। বি পি এফ প্রধান হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ডৰ বহুকেইটা স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটদাতাক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে।